বৰপেটা, 26 ফেব্ৰুৱাৰী :ৰাজ্যৰ ৰাজনীতিত পুনৰ অনুষ্ঠিত হোৱাৰ দিশে এখন ভোটযুদ্ধ ৷ কিয়নো 6 মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন ৷ তাকে লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ মন আকৃষ্ট কৰাত গুৰুত্ব আৰোপ কৰিছে (Colourful campaigning during Barpeta Municipality Election 2022) ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যসমূহ হৈ পৰিছে সুলভ ৷
বৰপেটাতো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ বৰপেটা পৌৰসভাৰ 22 টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন (Barpeta Municipality Election 2022) ত বিভিন্ন দলৰ প্ৰাৰ্থীসকলে ইতিমধ্যে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি, সভা-সমিতি অনুষ্ঠিত কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰৰ মন জয় কৰিবলৈ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে প্ৰাৰ্থীসকল ৷