বৰপেটা, 26 আগষ্ট : ACS বিষয়া চাইবুৰ ৰহমানৰ আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তিৰ তথ্যই ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যবাসীৰ মাজত ৷ চাইবুৰ ৰহমানৰ দুই পত্নীৰ বাহিৰেও ভাতৃৰ নামতো আছে অগাধ সম্পত্তি ৷ গুৱাহাটীৰ পাচতে বৰপেটা জিলাৰ বিভিন্ন স্থানত বৃহস্পতিবাৰে চাইবুৰ ৰহমানৰ স্থাৱৰ সম্পত্তিৰ তথ্যৰ বিচাৰি অভিযান চলাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে ৷
বৰপেটাৰ কয়াকুছিতস্থিত বাসগৃহত অভিযান চলোৱাৰ পাচতে তদন্তকাৰী দলটোৱে বৰপেটা চহৰৰ চাইবুৰ ৰহমানৰ মাটি আৰু ভাতৃৰ নামত থকা ঔষধৰ পাইকাৰী বিপনীত অভিযান আৰম্ভ কৰে ৷ অভিযান কালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী বিষয়া ৰ'জী কলিতাই জনাই যে, বৰপেটা চহৰৰ মুছলিমপট্টিত থকা ঔষধৰ পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ বেলেঞ্চ চীট আৰু ইনকম টেক্স ৰিটাৰ্ণ ফাইলৰ তথ্য বিচাৰিব তদন্তকাৰী দলটোৱে ৷
উল্লেখ্য যে, মুছলিমপট্টিত ঔষধৰ পাইকাৰী বিপনী নিৰ্মাণ কৰি ব্যৱসায় চলাই থকা মাটিখিনিও ACS বিষয়া চাইবুৰ ৰহমানৰে বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ আৰু আৱৰ্ত ভৱনৰ পিচফালে থকা এই মাটিখিনি ৪ বছৰমান পূৰ্বে ক্ৰয় কৰিছিল চাইবুৰ ৰহমানে ৷
লগতে পঢ়ক:ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান