অসম

assam

ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান

অসামঞ্জস্য সম্পত্তিৰ গৰাকী ACS বিষয়া চাইবুৰ ৰহমানৰ বৰপেটাৰ কয়াকুছিতস্থিত বাসগৃহত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ৷ ACS বিষয়া চাইবুৰ ৰহমানৰ বৰপেটাত থকা স্থাৱৰ সম্পত্তিৰ তথ্য বিচাৰি অনুসন্ধান তদাৰকী কোষৰ ৷

By

Published : Aug 26, 2021, 7:34 PM IST

Published : Aug 26, 2021, 7:34 PM IST

CM SPECIAL VIGILANCE CELL RAID
ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান

বৰপেটা, 26 আগষ্ট :গুৱাহাটীৰস্থিত হাতীগাঁও আৰু বেলতলাৰ বিলাসী বাসগৃহৰ পাচতে আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গৰাকী ACS বিষয়া চাইবুৰ ৰহমানৰ বৰপেটাৰ কয়াকুছিতস্থিত বাসগৃহত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ৷ চাইবুৰ ৰহমানক লগত লৈ এই অভিযান চলাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে ৷

তদন্তকাৰী বিষয়া ৰ'জি কলিতাই জনোৱা মতে, চাইবুৰ ৰহমানৰ স্থাৱৰ সম্পত্তিৰ তথ্য বিচাৰি অনুসন্ধান চলাই আছে দলটোৱে ৷ বৰপেটাৰ ৪১ টা স্থানত ভূ-সম্পত্তি আছে ACS বিষয়া গৰাকীৰ ৷ চাইবুৰ ৰহমানৰ বেংক একাউন্টসমূহৰো তথ্য সংগ্ৰহ কৰে তদন্তকাৰী দলটোৱে ৷

ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান

চাইবুৰ ৰহমানৰ বেংক একাউন্টত বৃহৎ পৰিমাণৰ ধন জমা থকাৰ তথ্য তদন্তকাৰী দলটোৱে লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷ কিন্তু বেংক একাউন্টত কিমান টকা জমা আছে সেই পৰিমাণ বৰ্তমান সময়লৈকে ৰাজহুৱা কৰা নাই তদন্তকাৰী দলটোৱে ৷

লগতে পঢ়ক:অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ

চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদন্ত শেষ কৰাৰ পাচতে বৰপেটা চহৰৰ মুছলিমপট্টিলৈ ৰাওনা হয় তদন্তকাৰী দলটো ৷ বৰপেটা চহৰৰ মুছলিমপট্টিত থকা চাইবুৰ ৰহমানৰ ব্যৱসায় প্ৰতিষ্ঠানত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলটোৱে ৷

উল্লেখ্য যে, ACS বিষয়া চাইবুৰ ৰহমানৰ বৰপেটাত থকা স্থাৱৰ সম্পত্তিৰ মূল্য বৰ্তমানলৈকে নিৰ্ধাৰণ কৰা নাই ৷ লোকনিৰ্মাণ বিভাগেহে এই স্থাৱৰ সম্পত্তিৰ মূল্য নিৰ্ধাৰণ কৰিব বুলি জানিবলৈ দিছে তদন্তকাৰী আৰক্ষীৰ বিষয়া ৰ'জি কলিতাই ৷

লগতে পঢ়ক:ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান

ABOUT THE AUTHOR

...view details