অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বান পৰ্যালোচনা বৈঠক অনুষ্ঠিত - sarbananda sonowal

অসম আৰু উত্তৰ পূৰ্ৱৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি লৈ নিটি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ বান,খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় ভিত্তিত গঠন কৰা হ'ব কমিটী

মুখ্যমন্ত্ৰীৰ বান পৰ্যালোচনা বৈঠক অনুষ্ঠিত

By

Published : Jul 15, 2019, 11:03 PM IST

বৰপেটা,15 জুলাইঃ সোমবাৰে বৰপেটাৰ সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলা উপায়ুক্তৰ লগতে ৰাজহ চক্ৰ বিষয়াসকলৰ সৈতে জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্ত ৰাইজক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদানৰ লগতে উপযুক্ত চিকিৎসা,খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে তেওঁক ফোন কৰি ৰাজ্যৰ ক্ষয় ক্ষতিৰ সবিশেষ বুজ লোৱা বুলি প্ৰকাশ কৰে ৷ ইয়াৰোপৰি অসম আৰু উত্তৰ পূৰ্ৱৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি লৈ নিটি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ বান,খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় ভিত্তিত এখন কমিটী গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ সৈতে আজি ৰাজহ মন্ত্ৰী ভবেশ কলিতা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী,সাংসদ তপন গগৈয়ো বৰপেটাৰ সৰ্থেবাৰীৰ পৰ্যালোচনা বৈঠকত উপস্থিত থাকে ৷

বৰপেটাত মুখ্যমন্ত্ৰীৰ বান পৰ্যালোচনা বৈঠক অনুষ্ঠিত

ABOUT THE AUTHOR

...view details