বৰপেটা, ৩০ মাৰ্চ : বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ লক্ ডাউনৰ ক্ষেত্ৰত চৰকাৰক আগবঢ়োৱা সহযোগিতাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনাই কৰ'ণাৰ সংক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ ৰাজ্যৰ এই ভয়ানক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰী, চিকিৎসক, চিকিৎসাকৰ্মী, এম্বুলেঞ্চৰ চালককে ধৰি সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷
আৰক্ষীক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সৰ্বানন্দ সোণোৱালৰ - borpeta medical college
কৰ'ণা ভাইৰাছক লৈ সৃষ্টি হোৱা পৰিস্থিতি আৰু চিকিৎসা ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্থাপন কৰা আছুতীয়া কক্ষ পৰিদৰ্শন কৰাৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক সকলৰ সৈতেও মত বিনিময় কৰে ৷
আনহাতে লক্ ডাউন কাৰ্যকৰী কৰিবলৈ যাওঁতে একাংশ লোকে আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণক সহ্য কৰা নহ'ব বুলি সঁকীয়নি প্ৰদান কৰি এইক্ষেত্ৰত অপশক্তি সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ সৰ্বানন্দ সোণোৱালে ৰাইজক পৰিস্কাৰ-পৰিচ্ছন্ন হৈ জনসমাগমৰ পৰা আঁতৰি ঘৰতে থকাৰ আহ্বান জনায় ৷ ৰাজ্যখনক বচাব লগা হ'লে, জনসাধাৰণক বচাবলৈ হ'লে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে থাকিব লাগিব বুলিও বাৰে বাৰে দোহাৰে মুখ্যমন্ত্ৰীয়ে ৷ ইপিনে বেকাৰী, আটা মিল খোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, জৰুৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দিয়াৰ বাবে জিলা প্ৰশাসন সমূহে ব্যৱস্থা লৈছে ৷ বৰপেটাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক আজি সুন্দৰীদিয়া সত্ৰৰ পৰা সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে অসম আৰোগ্য নিধিলৈ পঞ্চাশ হেজাৰ টকাৰ এখন চেক্ অৰ্পণ কৰে ৷ একেদৰে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰীৰ হাতত পাচ লাখ টকাৰ চেক্ অৰ্পণ কৰা হয় ৷
লগতে পঢ়ক : ৰাজ্য প্ৰশাসনৰ আদেশ অনুসৰি অসমৰ জিলাসমূহ পৰ্যবেক্ষণ মন্ত্ৰী বিধায়কৰ