বৰপেটা, 9 অক্টোবৰ: বৰপেটা জিলাৰ ন-সত্ৰৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত শুকুৰবাৰে আবেলি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ন-সত্ৰৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত মঞ্জুৰিপ্ৰাপ্ত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ, কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় চৌহদত ৪৩.২৭ লাখ টকীয়া এটি পানী যোগান আঁচনি মুকলি কৰে ৷
ন-সত্ৰৰ সেৱাশ্ৰমত পানী যোগান আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
শুকুৰবাৰে আবেলি বৰপেটা জিলাৰ ন-সত্ৰৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হৈ কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় চৌহদত ৪৩.২৭ লাখ টকীয়া এটি পানী যোগান আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ন কৰা আচঁনিখন মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, পানী যোগান আচঁনিখনে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দূৰ-দূৰণিৰ পৰা অহা ভকত বৃন্দক যথেষ্ট উপকৃত কৰিব ৷ আচঁনিখন মুকলি হোৱাৰ লগে লগে কৃষ্ণ গুৰু সেৱাশ্ৰমৰ এক দীর্ঘদিনীয়া অভাৱ পুৰন হ'ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে ৷ সম্পূর্ণ এক ব্যক্তিগত ভ্ৰমণসূচী লৈ নসত্ৰৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰ পাচতে কৃষ্ণ গুৰু সেৱাশ্ৰমৰ সূৱৰ্ণ কুড়ত প্ৰৱেশ কৰি, কৃষ্ণ গুৰু এক নাম জপ তথা ক্ৰমত বহে ৷ প্ৰায় এঘণ্টা ক্ৰমত বহি কৃষ্ণ নাম জপ কৰাৰ পিচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰু গৃহত প্ৰৱেশ কৰি কৃষ্ণ গুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভূক সাক্ষাৎ কৰে ৷
লগতে পঢ়ক:মঙলদৈত নৱনিৰ্মিত বনভোজস্থলীৰ শুভ উদ্বোধন স্থানীয় বিধায়কৰ