অসম

assam

By

Published : Oct 7, 2019, 11:21 PM IST

ETV Bharat / state

বৰপেটাৰোডৰ খৈৰাবাৰী পূজা মণ্ডপত মা দুৰ্গাৰ আশিস বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

মহানৱমীৰ দিনা বৰপেটাৰোডৰ খৈৰাবাৰীৰ পূজামণ্ডপত উপস্থিত হৈ সকলোকে শাৰদীয় দুৰ্গাপূজাৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এইখন চৰকাৰে ৰাইজৰ স্বাৰ্থত কাম কৰি আছে বুলি উল্লেখ কৰি কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷

বৰপেটাৰোডৰ খৈৰাবাৰী পূজা মণ্ডপত মা দুৰ্গাৰ আশীষ বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

বৰপেটাৰোড,7 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজত মহানৱমীৰ দিনা বৰপেটাৰোডৰ খৈৰাবাৰীৰ পূজামণ্ডপত উপস্থিত হৈ সকলোকে শাৰদীয় দুৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলোৰে মাজত সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি ৰখাৰ কামনাৰে দুৰ্গা মাৰ আশিস বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এইবাৰ সমগ্ৰ অসমৰ জনতাই আন্তৰিকতাৰে দুৰ্গাপূজাৰ সফল ৰূপ দিয়া কথা উল্লেখ কৰি তেওঁ কয় যে, এয়া অসমৰ সমাজ জীৱনৰ উল্লেখযোগ্য দিশ ৷ সমাজৰ যি সভ্যতা সংস্কৃতি আধ্যাত্মিক চেতনা শক্তি আৰু যি ইতিহাস আছে সেইটো শক্তিশালী ভাৱে জীয়াই ৰাখি মা দুৰ্গাৰ আশীৰ্বাদেৰে অসম ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে ৷

বৰপেটাৰোডৰ খৈৰাবাৰী পূজা মণ্ডপত মা দুৰ্গাৰ আশীষ বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে


সততা আৰু নিষ্ঠাৰে কাম কৰা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ আমন্ত্ৰণ মৰ্মে 50 বছৰ পূৰ্ণ কৰা খৈৰাবাৰীৰ এই পূজামণ্ডপত উপস্থিত থাকিব পৰি নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পূজামণ্ডপত উপস্থিত হৈ সকলোৰে আশীৰ্বাদলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ৰাজ্যখনৰ বুকুত অতি সুন্দৰ দুটা উপত্যকা আছে তাৰে এটা বৰাক আনটো ব্ৰহ্মপুত্ৰ ৷ এই উপত্যকা দুটাত পাহাৰীয়া জিলাকে ধৰি ৩৩ খন জিলা আছে আৰু বিভিন্ন ভাষাভাষীৰ লোক বসবাস কৰা এইখন বৃহত্তৰ অসমীয়া সমাজ ৷ আমি সকলোৱে মিলা-প্ৰীতিৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ আদৰ্শৰে সমন্বয়ৰ দ্বাৰা সমাজখন শক্তিশালী ভাৱে জীয়াই ৰাখিব লাগিব"৷ ৰাজ্যখনৰ অসূয়া-অশান্তি দূৰ কৰাৰ লগতে ৰাজ্যখনত বসবাস কৰা সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থকাৰ লগতে সকলোৰে মঙ্গল কামনা কৰি দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে তেওঁ বাক্সা জিলাৰ মৈৰাঝাৰত যুৱ সমাজৰ উদ্যোগত আয়োজিত চন্দ্ৰযান ২ ৰ আৰ্হিত নিৰ্মাণ কৰা পূজামণ্ডপতো উপস্থিত হৈ মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে ৷ ইয়াৰোপৰি বৰপেটাৰোডৰ কালিবাড়ী-দুৰ্গাবাড়ী বাবুপাৰাৰ পূজামণ্ডপকে ধৰি কেইবাখনো পূজামণ্ডপত উপস্থিত হৈ দেৱী মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰে ৷


মুখ্যমন্ত্ৰীৰ সৈতে দুৰ্গাপূজা মণ্ডপত উপস্থিত থাকে সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইনী উপদেষ্টা শান্তনু ভৰালী ৷

আৰু পঢ়ক

ABOUT THE AUTHOR

...view details