বৰপেটা, 17 নৱেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি 5টাকৈ কাৰ্যসূচী লৈ বৰপেটা জিলাত উপস্থিত হৈছে ৷ বৰপেটাৰ হাউলী চহৰত নৱনিৰ্মিত শ্বহীদ বেদী এটা উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত নিজৰ মাতৃ ভূমিৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ পবিত্র স্মৃতিত নিৰ্মিত শ্বহীদ বেদীটো আজি উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে ৷
শ্বহীদ বেদীৰ পুনৰ নিৰ্মাণৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই 1985 চনত আধাৰশিলা স্থাপন কৰাৰ লগতে শিল্পীগৰাকীয়ে 1987 চনত শ্বহীদ বেদীটো উন্মোচন কৰিছিল । কিন্তু শ্বহীদ বেদীটো জৰাজীৰ্ন হৈ পৰাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ অনিৰ্ধাৰিত পূঁজিৰে শ্বহীদ বেদীটো পুনৰ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছিল ৷ প্ৰায় 50 লাখ টকাৰে নিৰ্মাণ কৰা কৰা শ্বহীদ বেদীটো অতি আকৰ্ষনীয় ভাৱে সাজি উলিওৱাৰ বাবে প্ৰসিদ্ধ ভাস্কৰ শিল্পী বীৰেণ সিংহই নক্সা প্ৰস্তুত কৰিছে ৷
শ্বহীদ বেদী উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শ্বহীদসকলৰ মহান ত্যাগে একবিংশ শতিকাত জাতিটোক ঐক্যৱদ্ধ হৈ আগুৱাই যোৱাত প্ৰেৰণা যোগাইছে ৷ আজি অসমীয়া জাতিটোৱে দক্ষতাৰে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰা বুলি উল্লেখ কৰি সমন্বয়ৰ দ্বাৰা অসমৰ সমাজ জীৱনক অধিক শক্তিশালী কৰাৰ সংকল্পবদ্ধ হোৱা বুলি উল্লেখ কৰে ৷
হাউলীত উপস্থিত হৈ শ্বহীদক সোঁৱৰণ মুখ্যমন্ত্ৰীৰ শ্বহীদ বেদী উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী নৱ কুমাৰ দলে, বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী ৷ ইয়াৰ পূৰ্বে হাউলী চহৰৰ মৈৰামাৰাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন আদৰণি তোৰণ আধাৰশিলাও স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷
লগতে পঢ়ক :জৰা ফুকা নহয় এইবাৰ একেটা কাপত পানীয় সেৱন কৰিলে আজমল বাহিনীয়ে