বৰপেটা ১৭ নৱেম্বৰ:ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ নৱনিৰ্মিত ভৱনটো উন্মোচন কৰে ৷ ৰাজ্য চৰকাৰে প্ৰায় ২ কোটি ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো উদ্ধোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷
বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ নৱনিৰ্মিত ভৱন উন্মোচন মুখ্যমন্ত্ৰীৰ - ৰাজহ চক্ৰ বিষয়াৰ নৱনিৰ্মিত ভৱন উন্মোচন
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰ্বৰ চৰকাৰৰ দিনত চৰকাৰী কাৰ্যালয়সমুহ জহি খহি গৈ কাম কৰাৰ পৰিৱেশ নোহোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰে ৷ বৰ্তমানৰ চৰকাৰে কামৰ দক্ষতা বৃদ্ধিৰ বাবে কাম কৰাৰ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ নৱনিৰ্মিত ভৱন উন্মোচন মুখ্যমন্ত্ৰীৰ
ভৱনটোৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা বক্তব্যত মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰৰ দিনত চৰকাৰী কাৰ্যালয়সমুহ জহি খহি গৈ কাম কৰাৰ পৰিৱেশ নোহোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰে ৷ বৰ্তমানৰ চৰকাৰে কামৰ দক্ষতা বৃদ্ধিৰ বাবে কাম কৰাৰ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷