বৰপেটাৰোড, 20 ফেব্ৰুৱাৰীঃস্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় বৰপেটাৰোডত ৷ মুখ্যমন্ত্ৰীৰ গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ।
বৰপেটাৰোড চহৰৰ স্বামী বিবেকানন্দ ভাৱ-দর্শন কেন্দ্ৰৰ সৌজন্যত স্বামী বিবেকানন্দৰ স্বদেশ প্ৰত্যাৱর্তনৰ ১২৫ বছৰীয়া বৰ্ষপূতি উপলক্ষে বৰপেটাৰোড চহৰৰ মাজ মজিয়াত মোহনলাল চৌধুৰী স্মৃতি উদ্যানত সংস্থাপন কৰা প্ৰতিমূৰ্তিটো উন্মোচন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে, স্বামী বিবেকানন্দৰ এই প্ৰতিমূৰ্তিয়ে ভাৰতীয় সমাজৰ হিন্দু সভ্যতাৰ শক্তিশালী চেতনা প্ৰদান কৰি যাব ৷ স্বামী বিবেকানন্দৰ আদৰ্শৰে সমাজখনক ইতিবাচক চিন্তা চৰ্চাৰ যোগেদি শক্তিশালী ৰূপত বিশ্বদৰবাৰত প্ৰতিষ্ঠা হ’ব লাগিব ৷
উল্লেখ্য যে, পশ্চিমবংগৰ মেদিনীপুৰৰ স্বপন মাইটী নামৰ এগৰাকী শিল্পীয়ে ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে ৷ প্ৰায় ২১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে বিবেকানন্দ ভাৱ দৰ্শন কেন্দ্ৰই ৬৫ লাখ টকা ব্যয় সাপেক্ষ প্ৰকল্প গ্ৰহন কৰিছে ৷ উক্ত প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ১০ লাখ টকা, সৰভোগৰ বিধায়ক ৰনজিৎ কুমাৰ দাসে সমষ্টি উন্নয়ণ পূঁজিৰ পৰা ১৫ লাখ টকা আগবঢ়োৱাৰ লগতে স্থানীয় ৰাইজে সহায় সহযোগ আগবঢ়াইছে ৷
বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিগত কাৰ্য-কালত যি কাম কৰিছে সেয়া স্বচ্ছ আৰু নিকা ভাৱে কৰিছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অসমৰ বুকুত চকুত লগা ধৰণে পৰিৱৰ্তন হৈছে ৷ দুখীয়া পৰিয়ালৰ সন্তানে মেধাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে ৷ যাৰ বাবে আগন্তুক নিৰ্বাচনতো বিজেপিক পুনৰ অসমৰ ৰাইজে আন্তৰিকতাৰে বিচাৰিছে ৷