অসম

assam

ETV Bharat / state

হিমন্ত বিশ্বই ভাৰতীয় সভ্যতা সংস্কৃতিক অপমান কৰিছে: আব্দুল খালেক - Himanta Biswa controversial stamentment on Rahul Gandhi

কলগছিয়াত সাংসদ আব্দুল খালেকৰ সংবাদ মেল । বৰপেটা চহৰক (Holly City in Barpeta) ঘোষণা কৰাৰ দাবী সাংসদ আব্দুল খালেকৰ । ৰাহুল গান্ধীৰ পৰিয়ালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা আপত্তিজনক (Himanta Biswa controversial stamentment on Rahul Gandhi) বাবে তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী সাংসদগৰাকীৰ ।

mp-abdul-khaleques-pressmeet
কলগছিয়াত সাংসদ আব্দুল খালেকৰ সংবাদ মেল

By

Published : Feb 15, 2022, 10:48 PM IST

জনীয়া, 15 ফেব্ৰুৱাৰী : মঙলবাৰে কলগছিয়া ৰাজীৱ ভৱনত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সংবাদ মেল । এই সংবাদ মেলযোগে সাংসদ গৰাকীয়ে সম্প্ৰতি অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলনত নৈতিক সমৰ্থন আগবঢ়ায় । সাংসদগৰাকীয়ে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তোলাৰো দাবী জনায় ৷

কলগছিয়াত সাংসদ আব্দুল খালেকৰ সংবাদ মেল

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়াল সম্পৰ্কে কৰা অপত্তিজনক মন্তব্যক (Himanta Biswa controversial stamentment on Rahul Gandhi) তেওঁ গৰিহণা দিয়ে । তেওঁ কয় যে, কোনো সভ্য আৰু সংস্কৃতিবান ব্যক্তিয়ে এনে মন্তব্য কেতিয়াও নকৰে । এই সংবাদমেল যোগে, সাংসদগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা বৰ্খাস্তৰো দাবী উত্থাপন কৰে ।

মাজুলীৰ উপ নিৰ্বাচনত কগ্ৰেছৰ পৰা আসনখন অসম জাতীয় পৰিষদক এৰি দিছে বুলি সাংসদ আব্দুল খালেকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Majuli by-election: কংগ্ৰেছ-অসম জাতীয় পৰিষদ একাকাৰ মাজুলীত

ABOUT THE AUTHOR

...view details