বৰপেটা,১৯ জানুৱাৰীঃ বৰপেটাৰ হাউলীত অৱস্থিত শঙ্কৰদেৱ শিশু নিকেতন বিদ্যালয়খনে গৌৰৱোজ্বল ২৫ টা বৰ্ষ অতিক্ৰম কৰিছে ৷ ২৫ বছৰীয়া এই গৌৰৱময় যাত্ৰাক সুঁৱৰি নিকেতনখনে অনুষ্ঠিত কৰিছে ৰূপালী জয়ন্তীৰ ৷ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তীত দেওবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত অংশগ্ৰহণৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ এদিন পূৰ্বে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে । মুখ্যমন্ত্রীৰ আগমনকলৈ ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা হাতত লৈছে বৰপেটা জিলা প্ৰশাসনে ৷ মুখ্যমন্ত্রী গৰাকীৰ আগমনৰ প্ৰাকক্ষণত হাউলী চহৰৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে আৰক্ষী প্ৰশাসনে ।
ইপিনে মুখ্যমন্ত্ৰীৰ আগমনৰ সমান্তৰালকৈ প্ৰশাসনক খেদি ফুৰিছে ক’লাতংকই ৷ মুখ্যমন্ত্ৰীয়ে অংশ লোৱা নিকেতনখনৰ ৰূপালী জয়ন্তীৰ সভালৈ অহা পুৰুষ, মহিলা, শিশু আদিয়ে পৰিধান কৰা ক’লা ৰঙৰ পোচাকসমুহ খুলিবলৈ বাধ্য কৰায় আৰক্ষীয়ে ৷ মুকলি সভাখনৰ প্ৰৱেশপথত আৰক্ষীয়ে সভালৈ অহা লোকসকলৰ ক'লা পোচাকসমুহ খুলিহে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰে ৷