জনীয়া, 13 নৱেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাউৰজাহী গাঁৱৰ ৰূপা খানৰ কন্যা তথা মোৱামাৰী এম ই স্কুলৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে ৷ জানিব পৰা মতে, শনিবাৰে পুৱা চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ ৷
ছাত্ৰী গৰাকীয়ে ঘৰুৱা কন্দলৰ বাবে আত্মাহত্যাৰ পথ বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও তাৰ পূৰ্বে মৃত্যু হয় ছাত্ৰ গৰাকী ৷ উল্লেখ্য যে, ছোৱালীজনী সৰুৰে পৰা জেদী আছিল ।