জনিয়া, 10 আগষ্ট:আপুনি শুনি আচৰিত হ’ব যে, তিয়ঁহ চুৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ পৰিস্থিতি ইমান ভয়ংকৰ হৈ পৰে যে তিয়ঁহ চুৰিক কেন্দ্ৰ কৰি হোৱা ৰণত দুখন ঘৰৰ 12 গৰাকীকৈ লোক হাস্পতালত ভৰ্তি হ’বলগীয়া হয় ৷ ঘটনাটো বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachia Police Station) অন্তৰ্গত আমগুৰি গাঁৱৰ ৷ বুধবাৰে সংঘটিত এই মাৰপিটৰ ঘটনাই এতিয়া অঞ্চলটোৰ সকলোৰে বাবে হৈ পৰিছে এক আলোচিত বিষয় ৷
আমগুৰি গাঁৱৰ মফিদুল ইছলাম আৰু হানিফ অলীৰ পৰিয়ালৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হয় (Clashes between two groups at Kalgachia) । জানিব পৰা মতে, মফিদুল ইছলামৰ ১২ বছৰীয়া পুত্ৰক তিয়ঁহ চুৰিৰ সন্দেহত হানিফ আলীৰ ঘৰলৈ মাতি নিয়ে ৷ ইয়াৰ পাছতে মফিদুল ইছলামৰ পৰিয়ালে এই কথা জানিব পাৰি সপৰিয়ালে হানিফ অলীৰ ঘৰত উপস্থিত হয়গৈ ৷