বৰপেটাৰোড, 23 আগষ্ট :কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটা এগৰাকী ৰোগীৰ মৃতদেহ শ্মশানত সৎকাৰ কৰাকলৈ বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি ৷ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যবাহী দণ্ডাধীশ পাৰ্থপ্ৰতিম খনিকৰ আৰু বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাস শ্মশানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে, মৃত ৰোগী গৰাকী বৰপেটাৰোডৰ হৰতকি তলাৰ বাসিন্দা যদিও দীৰ্ঘদিন ধৰি গুৱাহাটীত বসবাস কৰি আছিল ৷ কিন্তু কৰ’ণাত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু ঘটাত পৰিয়ালৰ লোকে দেওবাৰে মৃতদেহটো সৎকাৰ কৰাৰ বাবে বৰপেটাৰোডৰ শ্মশানলৈ লৈ আহে ৷ মৃতদেহটো শ্মশানৰ চিতাত তোলে যদিও মৃতদেহটো অৰ্ধদগ্ধ হোৱা অৱস্থাত স্থানীয় ৰাইজে আহি বাধা প্ৰদান কৰে ৷ ফলত শ্মশান স্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷