জনিয়া, 7 মাৰ্চ : কলগাছিয়াত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ সোমবাৰে বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প তথা বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত ২৩৪ নং পশ্চিম বালিকুৰি অংগনবাদী কেন্দ্ৰত সংঘটিত হৈছে এক মাৰপিটৰ ঘটনা (Tense situation at Kalgachia anganwadi centre) ৷
ঘটনা অনুসৰি , বালিকুৰি অংগনবাদী কেন্দ্ৰৰ কৰ্মী হাবিজা খাতুনে কেন্দ্ৰটোত পলমকৈ উপস্থিত হোৱাৰ বাবে অংগনবাদী কেন্দ্ৰ সদস্য নুৰ উদ্দিন খানৰ লগতে একাংশ অভিভাৱকে গেটত তলা লগায় । যাৰ ফলত কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । লগে লগে কৰ্মী হাবিজা খাতুনে নিজ ভাতৃ হবিবৰ ৰহমান খানক ফোন যোগে মাতি আনি ভিতৰত প্ৰৱেশ কৰি অংগনবাৰী কেন্দ্ৰৰ তলা খোলাৰ চেষ্টা কৰোঁতে দুয়োপক্ষৰ মাজত মাৰপিটৰ সৃষ্টি হয় (Clash between two groups at Kalgachia anganwadi centre) ।