জনীয়া, 11 জুলাই :কলগাছিয়াৰ চৰিয়তপুৰত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে । দুই ফৈদৰ সংঘাতৰ পৰিণতিত হাতুৰুৰ কোবত গুৰুৰভাৱে আহত হ’ল এজন । ঘটনা অনুসৰি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাটাট্টাৰী গাঁৱৰ আছান আলীৰ কন্যা আছাতন নেছাৰ চৰিয়তপুৰ গাঁৱৰ বাদশা মিঞাৰ লগত প্ৰায় দুবছৰ পূৰ্বে বিবাহ সম্পন্ন হৈছিল ৷
কিন্তু মহিলাগৰাকীক স্বামী গৃহৰ লোকে অত্যাচাৰ কৰা বুলি অভিযোগ তুলি বুধবাৰে স্বামী বাদশা মিঞাৰ ঘৰত সামাজিক মেল বহে । এই সামাজিক মেলতে দুই ফৈদৰ মাজত প্ৰথমাৱস্থাত বাক্-বিতণ্ডাৰ সৃষ্টি হয় ৷ আৰু এই বাক্-বিতণ্ডাই পৰৱৰ্তী সময়ত মাৰপিটৰ ৰূপ লয় । ঘটনাস্থলীত মহিলাগৰাকীৰ পক্ষৰ লোকে তেওঁৰ দেৱৰ ওমৰ আলী (২৬) ক হাতুৰিৰে কোৱাই গুৰুতৰভাৱে আহত কৰে ।
এই মাৰপিটৰ ঘটনাৰ পাচতেই ছোহৰাব আলী নামৰ এজন ড্ৰাইভাৰে AS01EU4684 নম্বৰৰ এখন চাৰিচকীয়া বাহনেৰে মহিলা আছাতন নেছাক লৈ পলাই যাবলৈ চেষ্টা কৰে ৷