জনিয়া, 4 মে’:কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ তলত বুধবাৰে জুৱা খেলক কেন্দ্ৰ কৰি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ফলত কেইবাজনো লোক আহত হয় ৷ বৰপেটা জিলাত কোনোধৰণৰ পৰ্যটনস্থলী নথকাৰ বাবে যিকোনো উৎসৱৰ সময়ত এইদৰে এই কৰাৰকুৰ বেকী দলঙত ভিৰ কৰা পৰিলক্ষিত হয় জুৱাৰীয়ে ।
জানিব পৰা মতে, এই ভিৰৰ সুযোগ গ্ৰহণ কৰি একাংশ জুৱাৰীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে জুৱা আড্ডা । যাৰ ফলত অঞ্চলটোত এক অপ্ৰীতিকৰ পৰিস্থিতিয়ে দেখা দিয়ে ৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি সচেতন ৰাইজে এই জুৱা খেলত বাধা প্ৰদান কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি জুৱাৰী আৰু স্থানীয় লোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷