অসম

assam

ETV Bharat / state

কৰ ফাঁকিৰ অভিযোগত ছীল হ’ল বৰপেটাৰ CityKart শ্বপিংমল - Citykart shopping mall in Barpeta

মঙলবাৰে মঙলৰ দশা ভাল নাছিল বৰপেটাৰ চিটিকাৰ্ট নামৰ শ্বপিংমলখনৰ (Citykart shopping mall sealed by Barpeta Municipality) ৷ বৰপেটা পৌৰসভাক কৰ ফাঁকি দিয়া আৰু চহৰখন লেতেৰা কৰাৰ অভিযোগত বৰপেটা পৌৰসভাই উক্ত শ্বপিংমলখন ছীল কৰি দিয়ে ৷

Citykart shopping mall sealed by Barpeta Municipality
কৰ ফাঁকিৰ অভিযোগত ছীল হ’ল বৰপেটাৰ চিটিকাৰ্ট শ্বপিংমল

By

Published : Aug 23, 2022, 10:20 PM IST

বৰপেটা, ২৩ আগষ্ট :বৰপেটাৰ সৌন্দৰ্য্যত ব্যাঘাত জন্মাইছে চিটিকাৰ্ট নামৰ শ্বপিংমলখনে (Citykart shopping mall in Barpeta)৷ কিয়নো চহৰখনৰ বিভিন্ন প্ৰান্তত বেনাৰ, ছাইনবোৰ্ড ইত্যাদি লগাই শ্বপিংমলখনে লেতেৰা কৰিছে চহৰখন ৷ এই অভিযোগ তৰিছে বৰপেটা পৌৰসভাই ৷ আনকি বৰপেটা পৌৰসভাই শীঘ্ৰেই বেনাৰ, পোষ্টাৰসমূহ চহৰখনৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিছিল চিটিকাৰ্ট শ্বপিংমলখনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক ৷

কিন্তু বৰপেটা পৌৰসভাৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই চহৰখনৰ পৰা বেনাৰ পোষ্টাৰসমূহ আঁতৰোৱা নাছিল শ্বপিংমল কৰ্তৃপক্ষই ৷ যাৰ বাবে মঙলবাৰে বৰপেটা পৌৰসভাৰ উপ-পৌৰপতি ৰাজেন তালুকদাৰ নেতৃত্বত পৌৰসভাৰ সদস্যসকলে আৰক্ষীৰ সহযোগত উক্ত শ্বপিংমলখনত তলা ওলমায় (Citykart shopping mall sealed by Barpeta Municipality) । আনহাতে, তথ্য অনুসৰি শ্বপিংমলখনৰ নাই কোনো বৈধ নথি-পত্ৰ ।

কৰ ফাঁকিৰ অভিযোগত ছীল হ’ল বৰপেটাৰ চিটিকাৰ্ট শ্বপিংমল

আনকি শ্বপিংমলখনৰ নাই কোনো বৈধ ট্ৰেড লাইচেন্স আৰু লেবাৰ লাইচেন্সো (Valid Trade and Labour License)। ইয়াৰোপৰি বহুদিনৰ পৰা শ্বপিংমলখনে বৰপেটা পৌৰসভাক কৰ ফাঁকিও দি আহিছিল ।

নিয়মানুযায়ী শ্বপিংমলখনে বৰপেটা পৌৰসভাক বছৰি ২৫ হাজাৰ টকা কৰ দিব লাগে যদিও শ্বপিংমল কৰ্তৃপক্ষই মাথো ৪৫০ টকাহে আদায় দি আহিছিল । এই কথা সদৰী কৰে পৌৰসভাৰ উপ-পৌৰপতি ৰাজেন তালুকদাৰে । যাৰ বাবে বৰপেটা চহৰত অবৈধভাৱে চলি থকা চিটিকাৰ্ট শ্বপিংমলত বৰপেটা পৌৰসভাই ওলমালে তলা ৷

লগতে পঢ়ক :সাত দফীয়া দাবীপূৰণ বাবে মৰিগাঁৱত AMSU ৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details