অসম

assam

ETV Bharat / state

ৰাজহুৱা সম্পত্তি বিক্ৰীকৰণৰ বিৰুদ্ধে চিটুৰ প্ৰতিবাদ - চিটুৰ সদস্য দেৱৰাজ ছেত্ৰী

ৰাজহুৱা সম্পত্তি বিক্ৰীকৰণৰ বিৰুদ্ধে বৰপেটা ৰোডত চিটুয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন শ্ল'গানেৰে চিটুৰ সদস্যই উত্তাল কৰি তোলে পৰিৱেশ ৷

CITU stages protest in Barpeta road
CITU stages protest in Barpeta road

By

Published : Jul 17, 2020, 6:15 PM IST

বৰপেটা ৰোড 17 জুলাই :কেন্দ্ৰীয় চৰকাৰে ৰেল বিভাগ বিক্ৰীকৰণৰ বিৰুদ্ধে শুকুৰবাৰে চিটুয়ে বৰপেটা ৰোডত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৰপেটা ৰোডৰ ৰেলৱে' ষ্টেচনৰ সমীপত চিটুৰ সদস্যসকলে ৰূপায়ন কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদত "ৰেল বিভাগ পুঁজিপতিৰ হাতত বিক্ৰী কৰা নচলিব", "পুঁজিপতিৰ স্বাৰ্থত ৰেল বিক্ৰী কৰা বন্ধ কৰক", "ভাৰতীয় সম্পদ বিক্ৰী কৰা বন্ধ কৰক", "ৰেল বিভাগৰ খালী পদত নিযুক্তি দিয়ক", "চিটু জিন্দাবাদ","ইনক্লাৱ জিন্দাবাদ" আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে চিটুৰ সদস্যসকলে ৷

ৰাজহুৱা সম্পত্তি বিক্ৰীকৰণৰ বিৰুদ্ধে চিটুৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত চিটুৰ সদস্য দেৱৰাজ ছেত্ৰীয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশত সৰ্বাধিক ৰাজহ সংগ্ৰহ হোৱা ৰেল বিভাগ বিক্ৰী কৰিবলৈ লোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ গৰিহণা দিয়ে ৷ ছেত্ৰীয় কয় যে,বিজেপি চৰকাৰৰে ইতিমধ্যে ৰাজহুৱা সম্পত্তিবোৰ একচেটীয়াভাৱে পুঁজিপতিৰ হাতত বিক্ৰী কৰি আহিছে ৷ ফলত ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশৰ দিনক দিনে অৱনতি ঘটিছে ৷

লগতে পঢ়ক :সংকটমুক্ত নহয় বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত

ABOUT THE AUTHOR

...view details