জনীয়া, 17 ডিচেম্বৰ : কলগাছিয়াৰ চাৰিআলি চ'কত বুধবাৰে দুটা চিলনী চোৰক ৰাইজে আটক কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে ৷ ঘটনাৰ বিৱৰণ অনুসৰি মইনবৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমিৰ হুছেইনে কলগাছিয়াৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা পাঁচ লাখ টকা উটাই ঘৰলৈ উভতিছিল ৷ সেই সময়তে AS 15 M 2251 নম্বৰৰ এখন বাইকত দুজনকৈ যুৱক আহি আমিৰ হুছেইনৰ টকাৰ বেগটো কাঢ়িবলৈ চেষ্টা কৰে ৷
ইয়াৰ পিচতে প্ৰত্যক্ষদৰ্শী ৰাইজৰ মাজত হোৱাদোৱা লাগে ৷ অৱশেষত চোৰ দুটাই পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় লোকে খেদি খেদি আটক কৰি পিচত কলগাছীয়া আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীৰ এক সুত্ৰই সদৰি কৰা অনুসৰি ধৃত চোৰ দুটা বিহাৰৰ কিষাণগঞ্জৰ ৰীতেশ আৰু জৱাহৰলাল বুলি জানিব পৰা গৈছে ৷