অসম

assam

ETV Bharat / state

বৰপেটাত ১২ জন শিশু শ্ৰমিকক উদ্ধাৰ - শিশু শ্ৰমিকক উদ্ধাৰ

বৰপেটাত উদ্ধাৰ কৰা হৈছে 12 জন শিশু শ্ৰমিকক (Children rescued from child labour)৷ বৰপেটাৰ উপকণ্ঠ অঞ্চলত অভিযান চলাই উদ্ধাৰ কৰা হয় শিশু শ্ৰমিক কেইজনক ৷

Child labour recued in Barpeta
বৰপেটাত ১২ জন শিশু শ্ৰমিকক উদ্ধাৰ

By

Published : Mar 10, 2022, 3:59 PM IST

Updated : Mar 10, 2022, 9:49 PM IST

বৰপেটা, ১০ মাৰ্চ: যিসময়ত শিশু-কিশোৰসকল বিদ্যালয়ত শিক্ষাগ্ৰহনত ব্যস্ত থাকিব লাগে, হাতত থাকিব লাগে পাঠ্যপুথি ৷ সেইসময়তে একাংশ শিশু অথবা কিশোৰে পৰিয়ালৰ ভৰণ পোষণৰ বাবে বা পৰিয়ালৰ আৰ্থিক দূৰৱস্থাৰ বাবে আনৰ ঘৰত বনকৰা ল'ৰা হিচাপে অথবা চাহদোকান, গ্ৰীলৰ দেকান, মটৰ গেৰেজ আদিত শ্ৰমিক হিচাপে কাম কৰি থাকিবলগীয়া হৈছে ৷ শিশু-কিশোৰসকলক নিজৰ হেৰোৱা শৈশৱ ঘুৰাই দিবৰ বাবে আৰু শিক্ষা গ্ৰহনৰ দুৱাৰ মুকলি কৰাৰ বাবে একাংশ সামাজিক সংস্থাৰ সহযোগত বৃহস্পতিবাৰে বৰপেটাত শিশু শ্ৰমিকৰ বিৰুদ্ধে শ্ৰম বিভাগে এক অভিযান চলায় (Children rescued from child labour in Barpeta) ৷

শ্ৰম বিভাগে বৃহস্পতিবাৰে বচপন বচাও আন্দোলন(Bachpan Bachao Andolan), ছাইল্ড লাইন(Childline Barpeta) আৰু বৰপেটা আৰক্ষীৰ সহযোগত চহৰখনৰ উপকন্ঠ অঞ্চলত অভিযান চলাই 12 জন শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Child labour recued in Barpeta) ৷ শিশু শ্ৰমিকসকলক উদ্ধাৰৰ পিচতে তেওলোকক চি উব্লিউ চি'ত হাজিৰ কৰোৱা হয় ৷ উদ্ধাৰ কৰা শিশু শ্ৰমিকসকলক পৰিয়ালৰ লোকৰ হাতত অৰ্পন কৰি শিক্ষাৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহনৰ লগতে যিসকলৰ কোনো অভিভাৱক নাই সেই সকল শিশু-কিশোৰক চৰকাৰী শিশু গৃহত ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷

ইপিনে শ্ৰম বিভাগৰ শিশু শ্ৰমিক বিৰোধী অভিযান চমক নহৈ এনে অভিযান নিয়মীয়া কৰিলেহে শিশু শ্ৰম বিৰোধী সফল হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:কাৰাবন্দী মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ

Last Updated : Mar 10, 2022, 9:49 PM IST

ABOUT THE AUTHOR

...view details