অসম

assam

ETV Bharat / state

বৰপেটাত সৰ্বশিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ - বৰপেটা জিলাৰ জনীয়াস্থিত এ আই বি ইটা

ধোঁৱা চাঙত সৰ্বশিক্ষা অভিযান আইন । বৰপেটাৰ জনীয়া এ আই বি ইটা উদ্যোগত কৰ্মৰত শিশু শ্ৰমিক । ইটাৰ ভাটাত কাম কৰা কাৰ্যই উদঙাইছে শিক্ষা অভিযান আইনৰ ফোঁপোলা স্বৰূপ ৷

Child Labour incedent at barpeta
বৰপেটাত সৰ্ব শিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ

By

Published : Feb 3, 2020, 10:36 PM IST

জনীয়া, 3 ফেব্ৰুৱাৰী :বৰপেটাৰ জনীয়া এ আই বি ইটা উদ্যোগত কৰ্মৰত হৈ আছে বহুকেইজন শিশু শ্ৰমিক ৷ চৰকাৰে সৰ্ব শিক্ষা অভিযানৰ জৰিয়তে ৪ বছৰৰ পৰা ১৮ বছৰলৈ শিক্ষা বাধ্যতামূলক আৰু ইয়াক আইনত পৰিণত কৰাৰ সময়তে বৰপেটাত দেখা গৈছে বহু শিশু শ্ৰমিক । বৰপেটা জিলাৰ জনীয়াস্থিত এ আই বি ইটা উদ্যোগত বহু সংখ্যক শিশু শ্ৰমিকে ইটাৰ ভাটাত কাম কৰা কাৰ্যই সমগ্ৰ শিক্ষা অভিযান আইনৰ ফোঁপোলা স্বৰূপ উদঙাইছে । জনীয়াৰ ইটা উদ্যোগত শিশু শ্ৰমিক নিয়োগ হৈ থকাটো বৰপেটা জিলা প্ৰশাসনৰ দুৰ্বলতা আৰু দুৰ্ভাগ্যজনক বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে । এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৰহস্য থকাটোহে প্ৰমাণ কৰিব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে । আনহাতে চাইল্ড লাইনৰ বৰপেটা জিলাৰ সঞ্চালক আব্দুল মালিকে সমগ্ৰ ঘটনা তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।

বৰপেটাত সৰ্ব শিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ

ABOUT THE AUTHOR

...view details