বৰপেটা, ১৬ মাৰ্চ: নিৰ্বাচনৰ দিন আৰু প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতো ৰাজনৈতিক দলত অব্যাহত আছে দল বাগৰাৰ ৰাজনীতি । বৰপেটাৰ চেঙাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল ত্যাগ কৰিলে শতাধিক কৰ্মকৰ্তাই । চেঙাত অনুষ্ঠিত অসম গণ পৰিষদৰ দলীয় সভাত সোমবাৰে দলটোত আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শতাধিক কৰ্মীয়ে যোগদান কৰে ।
নিৰ্বাচনৰ পূৰ্বে চেঙাৰ বহু গাঁও পঞ্চায়তৰ সভাপতি, সদস্য, মণ্ডল সভাপতিকে ধৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদৰ সদস্যপদ গ্ৰহণ কৰিব বুলি দাবী কৰিছে দলটোৰ বৰপেটা জিলাৰ উপ সভাপতি তথা ৪৭ নং চেঙা বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ৰবিউল হুছেইনে । নিৰ্বাচনৰ প্ৰাক ক্ষণত চেঙাৰ কেইবাটাও গাঁও পঞ্চায়ত কংগ্ৰেছ শূন্য হ'ব বুলিও তেওঁ দাবী কৰে ।