অসম

assam

ETV Bharat / state

বৰপেটাৰউপায়ুক্তৰ কাৰ্যালয়ত চন্দ্ৰমোহন পাটোৱাৰীৰ বৈঠক - বৰপেটা জিলাত বৰ্তমানলৈ তেৰশ লোকক ক্যুৱাৰান্টাইন কৰোৱা হৈছে

শুকুৰবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি জিলাখনত বৰ্তমানলৈ তেৰশ লোকক ক্যুৱাৰান্টাইন কৰোৱা হৈছে বুলি সদৰী কৰে ৷ এই লোকসকলৰ মাজত আছে বহিঃৰাষ্ট্ৰ চৌদি আৰৱ,বাহৰেইন, বাংলাদেশৰ লগতে বহিঃ ৰাজ্যৰ পৰা অহা বহু কেইজন লোক ৷

বৈঠকত অংশগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ
বৈঠকত অংশগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ

By

Published : Mar 27, 2020, 7:30 PM IST

বৰপেটা, ২৭ মাৰ্চঃ বৰপেটা জিলাত বৰ্তমানলৈ তেৰশ লোকক ক্যুৱাৰান্টাইন কৰোৱা হৈছে ৷ ক্যুৱাৰান্টাইন কৰা লোকসকলৰ মাজত বহিঃৰাষ্ট্ৰ চৌদি আৰৱ,বাহৰেইন,বাংলাদেশৰ লগতে বহিঃ ৰাজ্যৰ পৰা অহা বহু কেইজন লোক ৷ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদৰী কৰে এই তথ্য ৷ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত বৰপেটাত ইতিমধ্যে 4 জন লোকৰ তেজ পৰীক্ষাও কৰা হৈছে ৷ দুজন লোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলোৱাৰ বিপৰীতে আন দুজন লোকৰ পৰীক্ষাৰ ৰিপ'ৰ্ট বৰ্তমানলৈ অহা নাই ৷

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ

উল্লেখ্য যে,বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত দুশতকৈয়ো অধিক বিচনাযুক্ত ক'ভিড ইউনিটৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে ৷ এই সময়ত বৰপেটাত খাদ্য সামগ্ৰী আৰু ঔষধৰ যোগান পৰ্যাপ্ত থকা বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ লগতে লক ডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান মন্ত্ৰী পাটোৱাৰীৰ ৷

লগতে পঢ়কঃতলাবন্ধৰ মাজতে দৰঙৰ ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনা

ABOUT THE AUTHOR

...view details