বৰপেটা, ৯ ছেপ্টেম্বৰ: সমবায় সমিতিৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰসমূহক চৰকাৰে যোগান ধৰিব পুষ্টিকৰ খাদ্য । বৃহস্পতিবাৰে বৰপেটা জিলাৰ দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ কাৰ্যালয়ত এই পুষ্টিকৰ খাদ্য বিতৰণ ব্যৱস্থা আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে । এই ব্যৱস্থা শুভাৰম্ভ কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, শিশুসকলৰ বাবে আবণ্টিত সামগ্ৰীসমূহ সঠিকভাৱে আৰু সময়মতে যোগান ধৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা হ'ব ।
তেওঁ লগতে শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ পুষ্টি সাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে । সমবায় সমিতিখনৰ সম্পাদক মহম্মদ হুছেইনে আঁত ধৰা উক্ত অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন বিষয়া বীণাপানি দেৱীয়ে আঁচনিখনৰ বিষয়ে বক্তব্য আগবঢ়ায় । সমবায় সমিতিৰ সভাপতি মুক্তাৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কেইবাটাও অংগনবাড়ী কেন্দ্ৰত শিশুৰ পৰিপুষ্টি সাধনৰ বাবে চাউল বিতৰণ কৰা হয় । সভাত যোগান বিভাগৰ বিষয়া আশিস বৰঠাকুৰ আৰু মনহৰি বায়ন উপস্থিত থাকি আঁচনিখনৰ সফল ৰূপায়ণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ।