বৰপেটা,25 ফেব্ৰুৱাৰী:ৰাজ্যত এতিয়া নিৰ্বাচনী ঢৌ তুংগত উঠিছে ৷ চাৰিওফালে বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ সমানে চলিছে ৰাজনৈতিক নেতাৰ তীব্ৰ বাক্যবাণ ৷ বুধবাৰে বৰপেটাত অনুষ্ঠিত কৃষাণ সম্পদ যোজনা অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰামেশ্বৰ তেলীয়ে কটাক্ষ্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৷
আগন্তুক 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিলে জ্যেষ্ঠ বিজেপি নেতা ৰামেশ্বৰ তেলীয়ে ৷ ‘‘লুৰিণজ্যোতি গগৈ ৰাজনীতিৰ কিমান ভিতৰলৈ সোমাব পাৰিছে মই নাজানো ৷ মানুহে মুখ্যমন্ত্ৰী-বিধায়ক হোৱাৰ সপোন দেখেই ৷ কিন্তু সকলোৰে সপোন সফল নহয় ৷ লুৰিণজ্যোতিৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব ৷ আছুত থকা সময়ত ৰাইজে তেওঁক যি দৃষ্টিৰে চাইছিল, ৰাজনীতিত অহাৰ পাছত সেই দৃষ্টিৰে নাচায়’’- এই বুলি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীক কটাক্ষ্য কৰিলে জ্যেষ্ঠ বিজেপি নেতা গৰাকীয়ে ৷