বৰপেটা, 11 নৱেম্বৰঃ বৰপেটা-মন্দিয়া পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ৰামদাস আথাৱালৰ ৷ এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, বিধায়ক গুনীন্দ্ৰ নাথ দাস, শ্বেৰমান আলী আহমেদ আৰু হাফিজ ৰফিকুল ইছলামৰ লগতে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু আৰ.পি.আইৰ সভাপতি ৰেজাউল কৰিমো উপস্থিত থাকে ৷
ইয়াৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি অযোধ্যা বিবাদৰ ৰায়দান সন্দৰ্ভত তথা পাক অধিকৃত কাশ্মীৰ সম্পৰ্কতো মতামত প্ৰকাশ কৰে ৷ পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰাৰ লগতে ভাৰত-পাক সংঘাতৰ অৱসান ঘটাবলৈ হ’লে উক্ত ভূ-খণ্ড ভাৰতক গটাই দিবলৈ পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক দাবী জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অধীনলৈ আহিলে সন্ত্ৰাসবাদ নিৰ্মূল হ’ব বুলিও মন্তব্য কৰাৰ লগতে পাকিস্তানৰ ব্যৱসায়-বাণিজ্য, নিবনুৱা সমস্যা, কৃষি, ৰাস্তা-ঘাট, ঔদ্যোগিকৰণৰ বিকাশৰ বাবেও সহায় আগবঢ়াবলৈ ভাৰত প্ৰস্তুত আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷