অসম

assam

ETV Bharat / state

বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী প্রতিমা ভৌমিকে দিব্যাংগ সকলক বিলালে বিভিন্ন সামগ্ৰী

বৰপেটাত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কুমাৰী প্রতিমা ভৌমিক(Minister of State Kumari Pratima Bhaumik in Barpeta) । দিব্যাংগসকলৰ মাজত বিতৰণ কৰিলে হুইল চেয়াৰ, ৱাকাৰ, চচমা, শ্রৱণ যন্ত্র ইত্যাদি ।

central minister distribute aid devices
বৰপেটাত ৰাজ্যিক মন্ত্ৰী কুমাৰী প্রতিমা ভৌমিক: দিব্যাঙ্গ সকলৰ মাজত হুইল চেয়াৰ আদি সজুলি বিতৰণ

By

Published : May 8, 2022, 8:36 PM IST

বৰপেটা,৮ মে': বৰপেটাত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কুমাৰী প্রতিমা ভৌমিক(Minister of State Kumari Pratima Bhaumik in Barpeta) । মন্ত্ৰীগৰাকী উপস্থিত হৈ দিব্যাংগ সকলৰ দৈনন্দিন জীৱন সহজ আৰু সৰল কৰি তোলাৰ প্ৰয়াসেৰে বৰপেটাত দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলৰ মাজত আজি কেন্দ্ৰীয় চৰকাৰৰ সা-সঁজুলি বিতৰণ কৰে(Central minister distribute aid devices) ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱামতে বৰপেটাত আজি ৪ হাজাৰ ৫৭ গৰাকী দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোকৰ মাজত প্ৰায় ৫ কোটি ৫৩ লাখ টকা ব্যয় সাপেক্ষ সম্পূর্ণ বিনামূলীয়াকৈ হুইল চেয়াৰ, ৱাকাৰ, চচমা, শ্রৱণ যন্ত্র, খোজকঢ়া লাখুটি আদি বিতৰণ কৰা হয় ।

বৰপেটাত ৰাজ্যিক মন্ত্ৰী কুমাৰী প্রতিমা ভৌমিক: দিব্যাঙ্গ সকলৰ মাজত হুইল চেয়াৰ আদি সজুলি বিতৰণ

বৰপেটাৰ এম চি কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত সঁজুলি বিতৰণ অনুষ্ঠানত বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিব্য়াংগ তথা জেষ্ঠ নাগৰিকসকলৰ সহায়ক হোৱাকৈ যথেষ্ট কাম কৰি থকা হৈছে । জেষ্ঠ নাগৰিকসকলৰ অভিজ্ঞতা চৰকাৰে কামত লগোৱাতো প্ৰধানমন্ত্ৰীৰ এক সপোন বুলি উল্লেখ কৰে ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:চোৰাংচোৱা নাছিল ধনজিৎ; উচুপি উচুপি ক’লে পত্নী সুমনে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details