অসম

assam

ETV Bharat / state

পবিত্ৰ মক্কাত ঈদ-উল-ফিটৰ পালন

আকাশত জোন দেখাৰ পিচত মঙলবাৰে পবিত্ৰ মক্কাৰ কাবা শ্বৰিফত সমুহীয়া ঈদৰ নামাজৰ ইমামতি কৰে শ্বেখ ছালেহ বিন হুমাইদে ।

পবিত্ৰ মক্কাত ঈদ-উল-ফিটৰ পালন

By

Published : Jun 5, 2019, 2:58 AM IST


বৰপেটা,5 জুনঃ ঈদৰ ন-জোন দেখা পোৱাৰ লগে লগেই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা যায় প্ৰৱল উচাহ আৰু আনন্দৰ বন্যা ৷ সমগ্ৰ ৰমজান মাহটো ৰোজা পালন কৰাৰ পিচত আকাশত ন-জোন দেখাৰ লগে লগেই অন্ত পৰে ৰোজা ৷ এমহীয়া ৰোজাৰ অন্ত পেলাই তেওঁলোকে পালন কৰে পবিত্ৰ ঈদ অথবা ঈদ-উল-ফিটৰ ৷ সেই দিনটোত আল্লাৰ ওচৰত সমূহীয়া নামাজেৰে দোৱা মগাৰ লগতে দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য আৰু সাজ-পাৰ বিতৰণ কৰা হয় ৷

পবিত্ৰ মক্কাত ঈদ-উল-ফিটৰ পালন

চৌদি আৰৱৰ পবিত্ৰ মক্কাতো পালন কৰা হয় পবিত্ৰ ঈদ-উল-ফিটৰ ৷ আকাশত জোন দেখাৰ পিচত মঙলবাৰে পবিত্ৰ মক্কাৰ কাবা শ্বৰিফত সমুহীয়া ঈদৰ নামাজৰ ইমামতি কৰে শ্বেখ ছালেহ বিন হুমাইদে । ইফালে চৌদি আৰৱৰ ৰাজধানী চহৰ ৰিয়াদ আৰু মদিনাতো ঈদৰ নামাজ আদায় কৰা হয় । কান্ধত কান্ধ মিলাই ইজনে সিজনৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে । মক্কা - মদিনাত সমগ্ৰ বিশ্বৰ দহ লক্ষাধিক ওমৰা হজ্ব যাত্ৰীয়ে চৌদি আৰৱৰ সময় অনুসৰি পুৱা 6.10 বজাত সমুহীয়া ঈদৰ নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে । আনহাতে ভাৰতৰ লগতে আন বহু কেইখন দেশত বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব পবিত্ৰ ঈদ-উল-ফিটৰ ৷

ABOUT THE AUTHOR

...view details