বৰপেটা, ২৬ আগষ্ট:বৰপেটাৰ ছেন্ট পল ইংলিছ মিডিয়াম স্কুলৰ এজন শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ(Student Injured After Assault By Teacher) ৷ অভিযুক্ত শিক্ষক মিঃ মিলিয়াৰে এজন সপ্তম শ্ৰেণীৰ ছাত্ৰক বিষমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে ছাত্ৰজনৰ পিতৃ পদ্মশ্ৰী ডেকাই ৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত পুত্ৰক শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকজনে চৰ, ভুকুৰ লগতে লঠিয়াই আৰু কিলাকুটিৰে নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ কৰিছে ছাত্ৰজনৰ পিতৃয়ে ৷
২৪ আগষ্টত সংঘটিত হোৱা ঘটনাটোৰ বিৰুদ্ধে বিদ্যালয়খনৰ অধ্যক্ষক অভিযোগ দিছিল অভিভাৱকে ৷ পিছে অভিভাৱকৰ অভিযোগৰ প্ৰতি বিদ্যালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত শুকুৰবাৰে ছাত্ৰজনৰ পিতৃয়ে শিক্ষকজনৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে(Case Register against teacher) ৷ ছাত্ৰজনৰ পিতৃয়ে জনোৱা মতে ইতিমধ্যে ছাত্ৰজনক চিকিৎসা প্ৰদান কৰা হৈছে ৷