জনীয়া, 13 জুলাই : ভিডিঅ' ভাইৰেল কৰি এগৰাকী নৱ বিবাহিতাৰ সংসাৰত খেলি-মেলি লগোৱা যুৱক ছাদ্দাম হুছেইনৰ বিৰুদ্ধে অৱশেষত কলগাছিয়া থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী বোৱাৰী গৰাকীয়ে ৷ ছাদ্দাম হুছেইনৰ লগতে আন চাৰিজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ৷ অশ্লীল ভিডিঅ' ভাইৰেল কৰি জীৱন ধ্বংস কৰা যুৱক কেইজনক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী কৰিছে ভুক্তভোগীয়ে ৷
উল্লেখ্য যে, কেইদিনমান পূৰ্বে বিয়াৰ আগৰ এটা ভাইৰেল ভিডিঅ'ই সংসাৰ ভাঙিছিল কলগাছিয়াৰ দিগজানী গাঁৱৰ এগৰাকী ন-বোৱাৰীৰ ৷ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে স্বামীগৃহৰ পৰা খেদি পঠিয়াইছিল বোৱাৰী গৰাকীক ৷ বোৱাৰীগৰাকীক পিতৃগৃহত আশ্ৰয় নিদিয়াত অৱশেষত ভিডিঅ' ভাইৰেল কৰা যুৱকজনৰ ঘৰত উপস্থিত হৈছিল ৷ কিন্তু ভিডিঅ' ভাইৰেল কৰা যুৱক ছাদ্দাম হুছেইনৰ পৰিয়ালে আশ্ৰয় দিয়াৰ সলনি মাৰপিট কৰি খেদি পঠোৱাৰ অভিযোগ উত্থাপন কৰিছিল বোৱাৰীগৰাকীয়ে ৷
এই ঘটনা চৌদিশে বিয়পি পৰাত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া ৷ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছিল সচেতন ৰাইজে ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত একপ্ৰকাৰ আশ্ৰয়হীন হৈ পৰিছিল বোৱাৰীগৰাকী ৷