বৰপেটা, 10 জুন: যি সময়ত সমগ্ৰ দেশ তথা ৰাজ্যৰ বহুলোকে কৰ’ণা(COVID-19) মহামাৰীৰ বাবে ভয়াৱহ হাৰত মৃত্যুক সাৱটি লৈছে, মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক অতি জৰুৰীকালীন কাৰণ নোহোৱাকৈ ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান কৰি ৰাজ্য চৰকাৰে আংশিক লকডাউন ঘোষণা কৰিছে ৷ সেই সময়তো ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আছে ভয়াৱহ পথ দূৰ্ঘটনা ৷ কিন্তু, কোনো ধৰণৰ বিপদৰ আশংকাই যেন একাংশ ৰাইজক সজাগ কৰি তোলাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷
উল্লেখ্য যে, বৰপেটা দৌলাশাল হৈ গুৱাহাটীলৈ যোৱা অতি ব্যস্ত পথটোৰে দৈনন্দিন নানা ধৰণৰ যান-বাহন চলাচল কৰে ৷ কিন্তু, এই পথটো এতিয়া একাংশ ৰাইজৰ ধান শুকুৱা চোতাললৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ অতি ব্যস্ত ৰাজপথটোত একাংশ ৰাইজৰ এই ধান শুকুৱা কাৰ্যৰ বাবে এতিয়া যিকোনো সময়ত ভয়াৱহ দূৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি সচেতন মহলে আশংকা কৰিছে ৷