অসম

assam

By

Published : Dec 6, 2019, 12:36 PM IST

ETV Bharat / state

শ্বিলঙত গ্ৰেপ্তাৰ গাড়ী চোৰ চক্ৰ

বৰপেটাৰ পৰা চুৰি হোৱা এখন বলেৰ' পিক্আপ ভানৰ সূত্ৰৰ ভিত্তিতে শ্বিলঙত গ্ৰেপ্তাৰ কৰে দুধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনি সদস্যক ৷ গ্ৰেপ্তাৰ হোৱা তিনি গাড়ী চোৰ হৈছে হাইলাকান্দিৰ নুনাইখালৰ টিংকু নাথ, বৰপেটা বান্দালীৰ বাবুল আলী আৰু বেলট্টাৰীৰ জাহাংগীৰ আলম

বৰপেটা
শ্বিলঙত গ্ৰেপ্তাৰ গাড়ী চোৰ চক্ৰ

বৰপেটা, ৬ ডিচেম্বৰ : বৰপেটা আৰক্ষীয়ে অভিযান চলাই শ্বিলঙৰ পৰা গ্ৰেপ্তাৰ কৰে এটা দূধৰ্ষ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ ৷ বৰপেটাৰ পৰা চুৰি হোৱা এখন বলেৰ' পিকআপ ভানৰ সূত্ৰৰ ভিত্তিতে শ্বিলঙত গ্ৰেপ্তাৰ কৰে দুধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনি সদস্যক ৷ গ্ৰেপ্তাৰ হোৱা তিনি গাড়ী চোৰ হৈছে হাইলাকান্দিৰ নুনাইখালৰ টিংকু নাথ, বৰপেটা বান্দালীৰ বাবুল আলী আৰু বেলট্টাৰীৰ জাহাংগীৰ আলম ৷

শ্বিলঙত গ্ৰেপ্তাৰ গাড়ী চোৰ চক্ৰ

ইপিনে গাড়ী চোৰ চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো দুধৰ্ষ গাড়ী চোৰ পলাতক হৈ থকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাসে জনোৱা অনুসৰি, বিগত ২৯ নৱেম্বৰৰ নিশা বৰপেটাৰ হাঁহচৰাৰ জিয়াৰুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা চুৰি হৈছিল AS-07-AC-4813 নম্বৰৰ বলেৰ' পিক'আপ ভানখন ৷

উল্লেখ্য যে, গাড়ীখন চুৰি কৰি মেঘালয়ৰ শ্বিলঙলৈ নি গাড়ীখন বিক্ৰীৰ বাবে চেষ্টা চলাই আছিল গাড়ী চোৰ চক্ৰটোৱে ৷ এই খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই গাড়ী চোৰ চক্ৰটোৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে বৃহস্পতিবাৰে গাড়ীচোৰ কেইজনক আদালতত হাজিৰ কৰাৰ পিচতে আদালতে চোৰ কেইজনক তিনিদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে ৷ ইপিনে আৰক্ষীয়ে গাড়ীচোৰ চক্ৰটোৰ আন কেইজনক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details