কলগাছিয়া, 9 জানুৱাৰী:কলগাছিয়াৰ চিকনী,সাওঁৰাচৰা,জাউৰিমাৰী,মুহিয়া আৰু ক্ষুদ্ৰখোৱা আদি গাঁৱত পৰিলক্ষিত হৈছে বিঘাই বিঘাই ভাং খেতি ৷ অবৈধ ভাং ব্যৱসায়ীৰ লগত আৰক্ষীৰ সম্পৰ্ক থকাৰ অভিযোগ আমছুৰ ৷ তদুপৰি কলগাছিয়া,বামুনটাৰী,খৰিচালা,লাচাংগা,গুনিয়ালগুৰি,ৰামপুৰ আদি ঠাইত,আৰক্ষীয়ে বৃহৎ পৰিমাণৰ টকাৰ লেন দেনেৰে অবৈধ তীৰ,জুৱা খেল আদিও চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ যাৰ ফলত সম্প্ৰতি অবৈধ তীৰ,জুৱা আৰু ভাঙত একাংশ উঠি অহা যুৱ প্ৰজন্ম আসক্ত হোৱা দেখা গৈছে ৷
কলগাছিয়াত বিঘাই বিঘাই কৰিছে ভাং খেতি - কলগাছিয়া
কলগাছিয়াত আৰক্ষীৰ বিৰুদ্ধে অবৈধ ভাং ব্যৱসায়ীৰ লগত সম্পৰ্ক থকাৰ লগতে,বৃহৎ পৰিমাণৰ টকাৰ লেন দেনেৰে অবৈধ তীৰ, জুৱা খেল চলাই অহাৰো অভিযোগ আমছুৰ ৷
![কলগাছিয়াত বিঘাই বিঘাই কৰিছে ভাং খেতি বিঘাই বিঘাই ভাং খেতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5645639-783-5645639-1578541796366.jpg)
বিঘাই বিঘাই ভাং খেতি
কলগাছিয়াৰ একাংশ অঞ্চলত বিঘাই বিঘাই ভাং খেতি
ইতিমধ্যে,আমছু কৰ্মী ইউনুছ আলীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত আৰক্ষীয়ে অবৈধ ব্যবসায়ীসকলক সক্ৰিয় সহযোগ আগবঢ়াই অহাৰ অভিযোগ উত্থাপন কৰাৰ লগতে,কলগাছিয়াৰ অলিয়ে-গলিয়ে চলি থকা তিৰ-জুৱা খেল বন্ধ কৰিবলৈ আমছুৰ কৰ্মকৰ্তা সকলে দাখিল কৰা অভিযোগ পত্ৰ গ্ৰহণ নকৰাৰো আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত অতি শীঘ্ৰেই প্ৰশাসনক বিহীত ব্যৱস্থা ল'বলৈ দাৱী জনাইছে আমছুৱে ৷
লগতে পঢ়ক :ডিমা হাচাওত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাঁফিলতি