জনীয়া, 31 জুলাই : বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত শুকুৰবাৰে ছেবা (SEBA) ই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷ ফলাফলক লৈ সমগ্ৰ ৰাজ্যতে আনন্দময় পৰিৱেশে বিৰাজ কৰাৰ মাজতে ঠায়ে ঠায়ে টকাৰ বিনিময়ত পৰীক্ষাৰ ফলাফলত বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ এনেধৰণৰ এক অভিযোগেৰে শুকুৰবাৰে ফলাফল ঘোষণাৰ পাছতে কলগাছিয়াৰ পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷
উল্লেখযোগ্য যে, বৰপেটা জিলা শিক্ষা পৰিমণ্ডলৰ অন্তৰ্গত তথা ছেবাৰ অধীনস্থ "পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুল"ৰ প্ৰধান শিক্ষক তহিদুৰ ৰহমান আৰু কাৰ্যালয় সহায়ক কাবেল খানে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি ফলাফল বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ৷ দুয়ো মিলি একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি পৰীক্ষাৰ ফলাফল উন্নত কৰাৰ বিপৰীতে টকা নিদিয়া ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল নিম্নমানৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থী সকলে ৷ ঘটনাৰ উচিত তদন্তৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে ক্ষোভিত ছাত্ৰ-ছাত্ৰী সকলে ৷