বৰপেটা, 27 জুন :সোমবাৰে ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল (Assam Higher Secondary result 2022) ৷ ফলাফল ঘোষণা হোৱাৰ পিছতে শিক্ষানুষ্ঠানসমূহত এক আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হয়(Bitupan Nath got 88.8 percentage in Science stream) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷
কিন্তু তাৰ মাজতে যেন অমানিশা নামি আহিল এজন মেধাৱী ছাত্ৰৰ জীৱনলৈ ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৮.৮ শতাংশ নম্বৰ লাভ কৰি টপাৰ হিচাপে উত্তীৰ্ণ হৈ বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ বিতোপন নাথে ৷ কিন্তু বিতোপনৰ এই সাফল্যৰ পিছতো সুখী নহয় পিতৃ-মাতৃ ৷
সম্প্ৰতি GMCHৰ বিছনাত জীৱনৰ সৈতে যুঁজ দিছে বিতোপন নাথে ৷ কাৰণ জটিল ৰোগত আক্ৰান্ত ছাত্ৰগৰাকী ৷ অতিকে দুখ আৰু বেদনাৰ কথা যে জীৱনৰ আনন্দপূৰ্ণ এই দিনটোত বিতোপন নাথে জীৱনৰ সৈতে যুঁজ দিবলগীয়া হৈছে ৷ চেন্নাইৰ পৰা অৰ্থৰ অভাৱত ঘূৰাই আনিবলগা হোৱা বিতোপনক এতিয়া GMCHতে কেম' প্ৰদান কৰি থকা হৈছে ৷