বৰপেটা, ৪ এপ্ৰিলঃ অসমীয়াৰ হেপাহৰ ৰঙালী বিহু সমাগত যদিও, প্ৰাণৰ আপোন বিহুটিক আদৰাৰ কোনো প্ৰস্তুতি নাই অসমীয়াৰ মাজত । সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ বাবে এইবেলি দ্বিতীয় বৈকুন্ঠপুৰী ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত, বিহুৰ অনুষ্ঠান স্থগিত কৰাৰ লগতে অনুষ্টুপীয়া হ'ব বিহুৰ প্ৰসংগও । পৰম্পৰাগতভাৱে সত্ৰখনত চলি অহা পহিলা বহাগৰ বিহু গণনা অনুষ্ঠিত নহয় এইবাৰ । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, বৰপেটা সত্ৰৰ বংশৰাসকল, সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াই বিহু গণনাৰ অনুষ্ঠান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
কৰ'ণাৰ আতংকঃ পহিলা বহাগত বৰ্ষফল গণনা নকৰে বৰপেটা সত্ৰই - বিহু গণনা
সময়াময়িক দিনত কালৰূপ ধাৰণ কৰা কৰ'ণা মহামাৰীৰ বাবে, পৰম্পৰাগতভাৱে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত চলি অহা পহিলা বহাগৰ বিহু গণনা এইবাৰ অনুষ্ঠিত নহয় । ভক্তৰ সমাগম ৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে সত্ৰ কৰ্তৃপক্ষই ।

যিহেতু এই পৰ্বৰ বাবে বহাগৰ পহিলা দিনটোত সত্ৰখনত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়, সেয়েহে ভক্তৰ সমাগম ৰোধৰ বাবেই সত্ৰখনত চলি অহা এই পৰম্পৰা স্থগিত কৰা হয় । আনহাতে বৰপেটা সত্ৰত সাত বিহুলৈকে অনুষ্ঠিত বিহুকেন্দ্ৰিক সকলো অনুষ্ঠান, প্ৰসংগ আদিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সত্ৰৰ সিদ্ধান্ত অনুসৰি বহাগৰ সাত বিহুৰ কেইদিন সত্ৰৰ নিত্য-নৈমিত্তিক প্ৰসংগও হ'ব অনুষ্টুপীয়া ৷ মাত্ৰ দুই তিনিজন ভকতৰ জৰিয়তে বংশৰাসকলে বহাগ বিহুৰ সত্ৰৰ সেৱায়িত কৰ্মখিনিহে সম্পাদন কৰিব ।
লগতে পঢ়কঃতাবলিঘি জামাতৰ সৈতে জড়িত আৰু 360 জন বিদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু