অসম

assam

ETV Bharat / state

বিদ্যালয়ত এছচিচিক অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান - B Ed College at Kalgasia

অসমৰ প্ৰতিখন জিলাৰ লগতে গাঁও আৰু চৰ চাপৰি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক বিকাশৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিছে ষ্টুডেন্ট কেডেট কৰ্পছে । উদ্দেশ্যে ষ্টুডেন্ট কেডেট কৰ্পছ অসম ৰাজ্যিক কমিটীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে এছচিচিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি(President of Assam State Committee of SCC) ছাব্বিৰ আহমেদে ।

press conference of Student Cadet Corps
বিদ্যালয়ত এছচিচিক অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান

By

Published : Sep 28, 2022, 1:26 PM IST

কলগাছিয়া ,২৮ ছেপ্টেম্বৰ: কলগাছিয়াৰ বামুনটাৰীত ষ্টুডেন্ট কেডেট কৰ্পছৰ (press conference of Student Cadet Corps)অসম ৰাজ্যিক কমিটীয়ে অসমৰ প্ৰতখন বিদ্যালয়ত এছ চিচিক অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । মঙলবাৰে কলগাছিয়াত এক সংবাদমেলত এইদৰে আহ্বান জনাই ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলক সামৰিলৈ এছ চিচয়ে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখ্য় যে যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে কলগাছিয়াৰ বামুনটাৰীস্থিত বি এড কলেজ (B Ed College at Kalgasia) প্ৰাংগণত ষ্টুডেন্ট কেডেট কৰ্পছৰ অসম ৰাজ্যিক সমিতিৰ এটি শিবিৰ অনুষ্ঠিত হয়(Camp of SCC at Kalgasia)। অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত শিবিৰত অভিজ্ঞক প্ৰশিক্ষকসকলে অংশগ্ৰহণকাৰী সকলক প্ৰশিক্ষণ দিয়ে ।

বিদ্যালয়ত এছচিচিক অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান

মঙলবাৰে অনুষ্ঠিত কৰা সংবাদমেলৰ জৰিয়তে অনাগত দিনত অসমৰ প্ৰতিখন জিলাৰ লগতে গাঁও আৰু চৰ চাপৰি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক বিকাশৰ লগতে শাৰীৰিক-মানসিক আৰু আধ্যাত্মিক দিশত বিকাশ কৰাৰ উদ্দেশ্যে ষ্টুডেন্ট কেডেট কৰ্পছৰ অসম ৰাজ্যিক কমিটীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ।

উক্ত কেডেট কৰ্পছৰ জড়িয়তে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰশিক্ষণ লাভ কৰি অসম চৰকাৰৰ বিভিন্ন নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈ আহিছে বুলি উদ্যোক্তাসকলে কয় । ইয়াৰ লগতে অসমৰ প্ৰতিখন ব্যক্তিগত শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া ইউনিট (Free Units of SCC)খুলি এছ চিচিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দি শাৰীৰিক আৰু মানসিকভাৱে বিকাশ সাধন কৰা হ'ব বুলি এছচিচিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ছাব্বিৰ আহমেদে কয় ।

লগতে পঢ়ক:Centre bans PFI: PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

ABOUT THE AUTHOR

...view details