অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌঃ বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ - CAB PROTEST IN VARIOUS PLACES OF ASSAM

অসমজুৰি সম্প্ৰতি অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদৰ ঢৌ ৷ আন আন স্থানৰ দৰে সোমবাৰে প্ৰতিবাদত কঁপি উঠিল যোৰহাট চহৰ ৷ অসম বন্ধৰ ব্যাপক প্ৰভাৱৰ মাজতে শিৱসাগৰত সোমবাৰে প্ৰতিবাদকাৰী দলে ঘেৰাও কৰে দুই বিজেপি নেতাৰ বাসগৃহ ৷ গোলাঘাটত ঐক্য সেনাই কেব বাতিলৰ দাবীত সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথত নামিল বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷

বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ
ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌ

By

Published : Dec 9, 2019, 8:10 PM IST

নিউজ ডেস্ক,9 ডিচেম্বৰঃসমগ্ৰ অসমজুৰি সম্প্ৰতি অব্যাহত আছেকেব বিৰোধী প্ৰতিবাদৰ ঢৌ ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ ৰাজপথত পৰিলক্ষিত হয় সহস্ৰাধিক প্ৰতিবাদী জনতাক ৷ অসমৰ আন আন স্থানৰ দৰে সোমবাৰে প্ৰতিবাদত কঁপি উঠিল যোৰহাট চহৰ ৷ যোৰহাটৰ স্থানীয় ৰাইজে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে এক নজৰবিহীন প্ৰতিবাদ ৷ পুৱাৰ ভাগত যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয় । জিলাখনৰ সকলো নাগৰিকে স্বতঃস্ফুৰ্তভাৱে আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইয়াৰ পিছত প্ৰতিবাদী দলটোৱে চহৰখনৰ মাজৰে এক সমদল উলিয়ায় ৷ যদি চৰকাৰে অসমীয়াৰ ওপৰত বলপূৰ্বকভাৱে কেব বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ৰাজ্যৰ পৰিৱেশে কি পৰ্যায় পাব ইয়াৰ পৰা অনুমান কৰিব পাৰি ।

শিৱসাগৰঃকেব বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ ব্যাপক প্ৰভাৱৰ মাজতে শিৱসাগৰত সোমবাৰে প্ৰতিবাদকাৰী দলে ঘেৰাও কৰে দুই বিজেপি নেতাৰ বাসগৃহ । থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ দৰিকাপাৰ সমীপৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে বিজেপি আৰু চৰকাৰক সমালোচনা কৰে । আনহাতে অন্য একাংশ দল-সংগঠনে জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰীৰ লক্ষ্মীনগৰৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

গোলাঘাটঃগোলাঘাটত ঐক্য সেনাই কেব বাতিলৰ দাবীত সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ । গোলাঘাটৰ চুকাফা চাৰ্কোলত ঐক্য সেনাৰ এটা দলে এই প্ৰতিবাদ সাব্যস্ত কৰে । পিছত এইসকল প্ৰতিবাদকাৰীক গোলাঘাট আৰক্ষীয়ে আটক কৰে । আটকাধীন প্ৰতিবাদী দলটোত ১৪ জন সদস্য আছিল ৷ আৰক্ষীয়ে প্ৰতিবাদী দলটোক গোলাঘাট আৰক্ষী চকীলৈ লৈ যায় ।

গোলাঘাটত ঐক্য সেনাই সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ

বৰপেটাঃৰাজ্যৰ আন প্ৰান্তৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথত নামিলবৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ বৰপেটাত অব্যাহত থকা ১৪৪ ধাৰা অমান্য কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত সোমবাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ দৰাচলতে প্ৰতিবাদী কাৰ্যসূচীক বাধা প্ৰদানৰ উদ্দেশ্যে জিলা উপায়ুক্তই জাৰি কৰিছিল ১৪৪ নং ধাৰা ৷ পিছে জিলা প্ৰশাসনৰ এই নিষেধাজ্ঞাক আওকাণ নকৰি ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে বৰ্ষীয়ান সাহিত্যিক,কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে চৰকাৰক ৰাইজৰ মনৰ পৰিস্থিতিৰ অনুভৱ কৰিবলৈ আহ্বান জনায় ৷ ইপিনে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে বৰপেটা চহৰৰ মাজমজিয়াৰ পাঁচআলি চ’ক অৱৰোধ কৰি পিছত উপায়ুক্ত কাৰ্যালয়লৈ আগবাঢ়ে ৷ অৱশ্যে প্ৰতিবাদকাৰী দলটোক আৰক্ষী,চি আৰ পি এফ আৰু এছ এছ বিয়ে বাধা প্ৰদান কৰে ৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা ৰাজপথত চোঁচৰাই নি পিছত দাহ কৰে ৷ জাতীয় সংগীত পৰিৱেশনেৰে এই প্ৰতিবাদৰ সামৰণি কৰা হয় ৷

ইপিনে জিলাখনৰ সৰ্থেবাৰীত সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা আৰু সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ লগতে সৰ্বানন্দ সোণোৱাল আৰু ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদী দলটোৱে । তদুপৰি ৰাজপথত টায়াৰ জ্বলাইয়ো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীসকলে । যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়ক বাতিল হব লাগিব বুলি দলটোৱে চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷ ইফালে সৰ্থেবাৰী ছাত্ৰ সন্থাই কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ উল্লেখ্য যে, কেব বিৰোধী এই প্ৰতিবাদত অংশগ্ৰহণ কৰে সদ্য পদত্যাগী অগপৰ মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্যা দীপ্তিৰাণী ডেকাই । এই প্ৰতিবাদৰ জৰিয়তে ডেকাই অসম তথা ভাৰত চৰকাৰ আৰু অগপ দলক কেব বাতিল কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

ধুবুৰীঃধুবুৰীৰ ছাত্ৰ সমাজ সোমবাৰে কেবৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হয় । শিক্ষামন্ত্ৰীৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজপথলৈ ওলাই আহে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ । বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ছাত্ৰসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মহাবিদ্যালয়ৰ সন্মুখত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰে হোৱা হতাহতিৰ ফলত পৰিস্থিতিৰ কিছু অৱনতি ঘটে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰসকলে এই বিধেয়ক বাতিল নকৰিলে ভৱিষ্যতে পৰিণাম ভয়াৱহ হ’ব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷

ইপিনে বিলাসীপাৰাতো কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱা হয় ৷ বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী দলটোৱে বিজেপি মুৰ্দাবাদ,অমিত শ্বাহ মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ তদুপৰি ৰাজপথত চৰকাৰ বিৰোধী শ্লোগানেৰে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগতে প্ৰতিবাদী সমদল উলিয়ায় একাংশ ছাত্ৰ ছাত্ৰীয়ে ৷ প্ৰতিবাদী দলটোৱে প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহৰ পৰা চক্ৰবিষয়াৰ কাৰ্যালয়লৈ সমদল উলিয়াই কেবৰ বিৰোধিতা কৰে ৷

ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌ

গুৱাহাটীঃৰাজধানী মহানগৰীতআৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতৰ ফলত সোমবাৰে পৰিস্থিতিৰ অৱনতি ঘটে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৌদিশে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাৰ সময়তে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰ সমাজো কেবৰ বিৰোধিতাৰে ওলাই অহা পৰিলক্ষিত হৈছে ৷ চৌদিশে প্ৰতিবাদ চলি থকাৰ সময়তে কাহিলিপাৰাৰ দক্ষিণগাঁওৰ পৰা মুছলিম ষ্টুডেণ্ট ফেডাৰেচন আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে এক ৰেলী উলিয়ায় ৷ গণেশগুৰি অভিমুখে যোৱা এই সমদলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ আৰক্ষীৰ এই কাৰ্যত প্ৰতিবাদকাৰীসকলে মুখামুখি তৰ্কত লিপ্ত হোৱাত পৰিস্থিতিৰ অৱনতি ঘটে ৷

ৰঙিয়াঃৰঙিয়াৰ ৰাজপথত সোমবাৰে প্ৰতিবাদত নামে যুৱ কংগ্ৰেছীৰ নেতা তথা সদস্যসকল ৷ বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰঙিয়া যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আই ৰ কৰ্মীসকলে কংগ্ৰেছ ভৱনৰ পৰা সমদল উলিয়াই ৰঙিয়াৰ হাইৱে চ’কত প্ৰধানমন্ত্ৰী মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে ৷ তদুপৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে পুত্তলিকা দাহৰ সময়ত আৰক্ষীৰ লগত প্ৰতিবাদকাৰীসকলৰ টনা-আঁজোৰা লগা পৰিলক্ষিত হয় । কংগ্ৰেছ কৰ্মীসকলে কোনো পৰিস্থিতিত এই বিধেয়কখন মানি নোলোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে ৷

সোণাপুৰঃকেবক লৈ গৃহ সমষ্টিত চৰম অপমানৰ সন্মুখীন হয় বিধায়ক অতুল বৰা ৷ সোমবাৰে দিছপুৰৰ বিধায়ক বৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰৰ সমীপৰ ডিগাৰু গেটত আছুকে ধৰি স্থানীয় লোকসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে, ডিগাৰু পঞ্চায়তৰ আধাৰশিলা স্থাপন কৰি গুৱাহাটীমুখে অহাৰ পথত বিধায়কগৰাকীক বাটভেটি কনভয় ৰখাই ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ক’লা পতাকা প্ৰদৰ্শন কৰে । দৰাচলতে কেবৰ বিৰুদ্ধে মাত নমতাৰ বাবে অতুল বৰাক গৃহসমষ্টিতে অপমান কৰে ক্ষুদ্ধ জনতাই ।

হাইলাকান্দিঃব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালকৈ বৰাকতো তীব্ৰ হৈছে কেব বিৰোধী প্ৰতিবাদী আন্দোলন ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে হাইলাকান্দিৰ কৃষ্ণপুৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ সোমবাৰে দলটোৱে পুৱাৰ ভাগত ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজপথত দীৰ্ঘসময় ধৰি চলা এই প্ৰতিবাদৰ ফলত চহৰখনত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ফলত আবদ্ধ হৈ পৰে শ শ যানবাহন ৷ পিছত আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক আটক কৰে ৷

মিৰ্জাঃমিৰ্জাৰ ৰাজপথত সোমবাৰে জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি ৷ কেব প্ৰত্যাহাৰৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰসন্থাই এই প্ৰতিমূৰ্তি দাহ কৰে ৷ গুৱাহাটী-গোৱালপাৰা সংযোগী ১৭ নং(পূৰ্বৰ ৩৭) ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিমূৰ্তি দাহেৰে আছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ । চৰকাৰক বিধায়ক বাতিলৰ দাবী জনায় ছাত্ৰসন্থাৰ প্ৰতিবাদী দলটোৱে ।

ABOUT THE AUTHOR

...view details