অসম

assam

ETV Bharat / state

উত্তাল ৰাজ্য: প্ৰান্তে-প্ৰান্তে জ্বলিল প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি - CAB AGGAINST NAGAON_NALBARI_BARPETA_UDALGURI_BAKSA

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাত উত্তাল হৈ পৰিছে ৰাজ্য । ঠায়ে-ঠায়ে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী, ুখ্যমন্ত্ৰীৰ শৱদেহ দহন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ । বিধেয়কখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰী ।

CAB AGGAINST NAGAON_NALBARI_BARPETA_UDALGURI_BAKSA
উত্তাল ৰাজ্য:প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰীৰ শৱদেহ দহন

By

Published : Dec 11, 2019, 9:14 PM IST

নিউজ ডেস্ক,11 ডিচেম্বৰ :9 ডিচেম্বৰৰ মাজনিশা লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই আজি ৰাজ্যসভাত উত্থাপন হয় নাগৰিকত্ব সংশোধনী বিধেয়ক । কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ স্বাভিমানক খৰ্ব কৰি গৃহীত কৰিব বিচৰা এই বিধেয়কখন বাতিলৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্য । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে বিধেয়কখনৰ বিৰোধিতাত চলি আছে উত্তাল প্ৰতিবাদ । প্ৰতিজন নাগৰিকৰ পৰা দল-সংগঠন, শিল্পী সকলো ওলাই আহিছে বিধেয়কখন বাতিলৰ দাবীত । সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো এই বিধেয়কৰ বিৰোধিতাত ওলাই আহে জিলাখনৰ নলবাৰী মহাবিদ্যালয়, নলবাৰী বাণিজ্যি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । ছাত্ৰ-ছাত্ৰীসকলে নলবাৰী জিলা ছাত্ৰ সন্থা, যুব ছাত্ৰ পৰিষদৰ সহযোগত নলবাৰী থানা চকত সাব্যস্ত কৰে ধৰ্ণা-কাৰ্যসূচী ।

নলবাৰীৰ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ


ইফালে, বাক্সা জিলাৰ তামুলপুৰতো সদৌ অসম ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৰাজপথত দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলৰ দাবী কোনো পধ্যেই অসমীয়াৰ ওপৰত বাংলাদেশীৰ বোজা জাপি দিব নোৱাৰে চৰকাৰে । কেবৰ বিৰোধিতা কৰি উলংগ হৈ প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে বাক্সাৰ ৰাজপথ ।

বাক্সাত উলংগ প্ৰতিবাদ
বৰপেটা জিলাৰ বৰনগৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেবৰ প্ৰতিলিপি দাহ কৰে ৷ উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সমাজে কয়,''কেব আমি কোনো পধ্যেই মানি নলওঁ, 855 জন শ্বহীদৰ কেঁচা তেজ আমাৰ শৰীৰতো আছে, সেয়ে চৰকাৰে যিমান শাস্তি দিলেও আমি কেব নামানো ৷'' প্ৰয়োজনত বৰনগৰ কলেজৰ ছাত্ৰ সমাজে গুলী খাবলৈ বুকু পাতি দিব তথাপিও কেব মানি নলওঁ বুলি হুংকাৰ দিয়ে ।
বৰপেটাত কেব বাতিলৰ দাবীত সাব্যস্ত প্ৰতিবাদ

অন্য এক খবৰৰ বাবে : চৰকাৰলৈ হুংকাৰ জুবিন গাৰ্গৰ , অৱশেষত আহিল সীমান্ত শেখৰো


অন্য প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিতো নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি হয় । এই বিধেয়কৰ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহে সহস্ৰাধিক লোক । ওদালগুৰি চহৰৰ সকলো ব্যৱসাসীক প্ৰতিষ্ঠান বন্ধ কৰি ঠায়ে-ঠায়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । জিলাখনৰ টংলা- কলাইগাঁৱতো টায়াৰ জ্বলাই কেব বিৰোধী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰি তোলে ।

ওদালগুৰিত কেবৰ বিৰোধিতাত প্ৰতিবাদ

অন্য এক খবৰৰ বাবে: কেব বিৰোধী প্ৰতিবাদত উত্তপ্ত নগাওঁ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰে নগাঁও। নগাঁৱত ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । উত্তেজিত ছাত্ৰই ফালি পেলাই বিধায়ক ৰূপক শৰ্মাৰ হৰ্ডিং।

নগাঁৱত উত্তাল পৰিৱেশ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details