অসম

assam

By

Published : Dec 31, 2019, 11:15 PM IST

ETV Bharat / state

2019ৰ শেষ দিনটোতো প্ৰতিবাদেৰে গুঞ্জৰিত হৈ থাকিল ৰাজ্য

31 ডিচেম্বৰতো ৰাজ্যৰ চৌপাশে অব্যাহত থাকিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বছৰটোৰ অন্তিমটো দিনতো সলনি ন’হল প্ৰতিবাদী ভাষা ৷

CAA protest all over Assam
2019ৰ শেষ দিনটোতো প্ৰতিবাদেৰে গুঞ্জৰিত হৈ থাকিল ৰাজ্য

যোৰহাট, 31 ডিচেম্বৰঃ বছৰটোৰ অন্তিমটো দিনতো সলনি ন’হল প্ৰতিবাদী ভাষা ৷ ৰাজ্যৰ চৌপাশে অব্যাহত থাকিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ যোৰহাটত আটকাধীন তথা গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। ৩০ ডিচেম্বৰত যোৰহাট চিনামৰা বাগিচাৰ খেলপথাৰত মুখ্যমন্ত্ৰীৰ এখন চৰকাৰী সভাত মুখ্যমন্ত্ৰীৰ সন্মুখতে এই আইনৰ বিৰোধিতা কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিজনকৈ কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচেত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ এই যুৱককেইজনৰ মুক্তিৰ দাবীতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

বাক্সাঃ সংশোধিত নাগৰিকত্ব আইনৰ বাতিল আন্দোলনত গ্ৰেপ্তাৰ হোৱা অখিল গগৈ তথা সতীৰ্থসকলক বিনাচৰ্তে মুক্তিৰ দাবীত তামুলপুৰত অৱস্থান ধৰ্মঘট বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ মঙলবাৰে তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ন কৰে ৷

বিহপুৰীয়াঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে নাৰায়ণপুৰত সংবাদকৰ্মীৰ গণ অৱস্থান ৷ নাৰায়ণপুৰ, বিহপুৰীয়া, বান্দৰদেৱা, ধলপুৰ, শিমলুগুৰি আৰু ভোগপুৰ প্ৰেছ ক্লাৱৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৷ আছু, AJYCPকে ধৰি বহুকেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগ এই কাৰ্যসূচীত ৷ নাৰায়ণপুৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে আৰু জিলাখনৰ বহুকেইজন জ্যেষ্ঠ সাংবাদিক আৰু জ্যেষ্ঠ নাগৰিকেও অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত ৷

ৰাজ্যৰ চৌপাশে অব্যাহত প্ৰতিবাদ

হাইলাকান্দিঃ কৃষক নেতা অখিল গগৈক মুকলি কৰি দিয়াৰ দাবীত উত্তাল হাইলাকান্দি । সেইমৰ্মে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৮ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন।হাইলাকান্দি ৰতনপুৰ ভটৰ বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক কমিটিয়ে ৮ ঘন্টীয়া অনশন ধৰ্মঘট পালন কৰে। এই অনশনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই অনশন কাৰ্যসূচী হাতত লয় কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে।

গোলাঘাটঃনাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত। বাইকে বাইকে নৰেন্দ্ৰ মোডী গ' বেক, সৰ্বানন্দ সোণোৱাল লাজ নাই, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানৰ লিখিত প্লে কাৰ্ড লৈ নগৰৰ পৰা গাঁৱমুখী এক ৰেলীৰ যোগেৰে জনসাধাৰণক নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায়।

মৰিয়নীঃ ভকত বৈষ্ণৱৰ ভক্তিৰ ৰসৰে মুখৰিত হ’ল মৰিয়নী ৷ মৰিয়নী নগৰৰ মাজমজিয়াত আজি ভকত বৈষ্ণৱে ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰি সংশোধিত নাগৰিকত্ব আইনৰ বাতিলৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰজাঘৰীয়া সকলক সুমতি দিবলৈ প্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হয়। অন্যহাতে সমান্তৰালভাৱে শিল্পীসকলেও ৰং তুলিকাৰে চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভ উজাৰে।

ৰাজ্যৰ চৌপাশে অব্যাহত প্ৰতিবাদ

জনীয়াঃ জনীয়াৰ কলগাছিয়াৰ বনঘূগীত নিখিল ভাৰত কৃষক সভাৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ অৱস্থান ৷ অসমৰ ভাষা সংস্কৃতি আৰু অসম চুক্তিৰ পৰিপন্থী আইন বাতিল নোহোৱালৈকে ধাৰাবাহিক গণ আন্দোলনৰ হুংকাৰ আন্দোলনকাৰীৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত দল-সংগঠন সমুহৰ আন্দোলন চলি থকাৰ সমান্তৰালকৈ কলগাছিয়াৰ বনঘূগী পঞ্চায়ত কাৰ্যালয়ৰ সম্মুখত নিখিল ভাৰত কৃষক সভাৰ তিতাপানী আঞ্চলিক কমিটিৰ উদ্যোগত আৰু ঝাওবন মিঞা শিল্পী গোষ্ঠীৰ সহযোগত আজি ১ বজাৰ পৰা ৩ বজালৈ তিনি ঘন্টীয়া গণ অৱস্থান পালন কৰা হয় ।

ৰাজ্যৰ চৌপাশে অব্যাহত প্ৰতিবাদ

কামৰূপঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে হাজোৰ বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে ল’লে বিদ্যালয়ৰ পৰা বিদায় ৷ কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত নগেন ডেকা গাঁও পঞ্চায়তত অৱস্থিত বৰছলি আঞ্চলিক জাতীয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে হাই স্কুলৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত কৰে । অৱসৰপ্ৰাপ্ত BDO জয়ান আলীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা, নগেন ডেকাগাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আতাউৰ ৰহমান, হাজো সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক আব্দুল গণি খান চৌধুৰীৰ লগতে অঞ্চলৰ কেইবাখন বিদ্যালয়ৰ প্ৰধান শিক্ষক অতিথি হিচাপে উপস্থিত থাকে । বিদ্যালয়ৰ সচিব আব্দুৰ ৰহিমে আঁত ধৰা সভাখনত কলিতাই ভাষণ প্ৰসংগত কয় যে কৃতি ছাত্ৰ ছাত্ৰীয়ে স্বদেশ স্বজাতিৰ বাবে কাম কৰাৰ সময় সমাগত । কৃতিত্ববান ছাত্ৰ ছাত্ৰীক জাতিৰ স্বাৰ্থত কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। এই সভাত বিদায়ী ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷


আৰু পঢ়কঃCAA সম্পৰ্কত জাহ্নু বৰুৱাৰ ভাইৰেল ভিডিঅ'

For All Latest Updates

ABOUT THE AUTHOR

...view details