জনিয়া, 11 ছেপ্টেম্বৰ :কলগাছিয়াৰ বামুণটাৰীত চাঞ্চল্যকৰ ঘটনা ৷ দুৰ্বৃত্তই এজন ব্যৱসায়ীক মাৰধৰ কৰাৰ অভিযোগ উঠিছে ৷ দেওবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুণটাৰিত সংঘটিত হয় এই ঘটনা ৷ ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে আব্দুৰ ৰৌফ নামৰ ব্যৱসায়ীজন ৷ আহত আব্দুৰ ৰৌফক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসায়লৈ প্ৰেৰণ কৰিছে ৷
ঘটনা অনুসৰি, শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বীৰ এটা বিশেষ সমাজক লৈ আব্দুৰ ৰৌফ আৰু আজগৰ আলী নামৰ ব্যক্তিৰ সৈতে কিছু মতভেদ হয় । তাৰ পাচতে আব্দুৰ ৰৌফক ৰূপসী পঞ্চায়তৰ প্ৰাক্তন সভাপতি আজগৰ আলী আৰু তেওঁৰ সহযোগীয়ে প্ৰাণে মৰাৰ ভাবুকি দিছিল ৷ যাৰ বাবে দেওবাৰে ব্যৱসায়ী আব্দুৰ ৰৌফে নামাজ পঢ়ি ঘৰলৈ ওভতাৰ সময়তে আজগৰ আলীৰ সহযোগীয়ে আক্ৰমণ কৰে ৷ চোকা অস্ত্ৰ, বাঁহৰে অতৰ্কিতে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৰৌফ ৷