অসম

assam

By

Published : Oct 22, 2020, 6:04 PM IST

ETV Bharat / state

জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁক জি.এম.চি.এইচলৈ লৈ প্ৰেৰণ কৰে ৷

বশিষ্ঠদেৱ শৰ্মা
বশিষ্ঠদেৱ শৰ্মা

বৰপেটা, 22 অক্টোবৰ:কৰ'ণাত আক্ৰান্ত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক প্ৰেৰণ কৰা হৈছে জি.এম.চি.এইচলৈ ৷ বুধবাৰে কৰ'ণা মহামাৰীৰ অৱস্থিতি ধৰা পৰিছিল শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ দেহত ৷ কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাচতে তেওঁক ভৰ্তি কৰোৱা হৈছিল বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷

জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক

বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত বুঢ়া সত্ৰীয়া বাপজনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটে বৃহস্পতিবাৰে ৷ বুঢ়াসত্ৰীয়া বাপজনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁক জি.এম.চি.এইচলৈ লৈ প্ৰেৰণ কৰে ৷ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বতৰাক লৈ উদ্বিগ্ন বৰপেটাবাসী ৷ উল্লেখ্য যে, বুধবাৰে নিজ বাসগৃহৰ পৰা চিকিৎসালয়লৈ যোৱাৰ সময়তো তেওঁৰ স'তে দেখিবলৈ পোৱা গৈছিল শ্ৰীমদ্ভাগৱত শাস্ত্ৰখন ৷ বৃহস্পতিবাৰে জি.এম.চি.এইচলৈ যোৱাৰ সময়তো বাপজনাৰ সৈতে শাস্ত্ৰখন দেখিবলৈ পোৱা গ'ল ৷

লগতে পঢ়ক:বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ক’ভিড 19 ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details