বৰপেটা, 18 অক্টোবৰ: নামনি অসমত এতিয়াও সক্ৰিয় হৈ আছে আন্তজাৰ্তিক গৰু-ম'হ চুৰি চক্ৰ ৷ বৰপেটা জিলাৰ বৰপেটাৰোডৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথেদি দৈনিক চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ ট্ৰাক যোগে দৈনিক সৰবৰাহ হৈ আহিছে শতাধিক চুৰি গৰু-ম'হ ৷ শুকুৰবাৰে নিশা শিমলাগুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চিৰাঙৰ বিজনীৰ পৰা গুৱাহাটী অভিমুখে AS-01GC-8526 নম্বৰৰ ট্ৰাকেৰে চুৰি ম'হ কঢ়িয়াই লৈ যোৱা এখন ট্ৰাকৰ লগতে ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে12টাকৈ চোৰাং ম'হ ৷ আটকাধীন ট্ৰাকখনৰ চালক নাচেৰ আলীৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীত বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷
বৰপেটাৰোডত চোৰাং ম'হ ভৰ্ত্তি ট্ৰাক জব্দ - বৰপেটাৰোডত চোৰাং ম'হভৰ্ত্তি ট্ৰাক জব্দ
শিমলাগুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীৰ অভিযান
বৰপেটাৰোডত চোৰাং ম'হ ভৰ্ত্তি ট্ৰাক জব্দ
ইফালে চোৰাং ম'হ কঢ়িয়াই অনা ট্ৰাকখনত থকা জয়নাল আব্দীন,শ্বাহিদুল ইছলাম আৰু জাকৰিয়া আলী নামৰ তিনিটা চোৰ সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ এই চোৰাং চক্ৰটোৱে দীৰ্ঘদিন ধৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চোৰাংভাৱে ম'হৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ চক্ৰটোৱে গুৱাহাটীৰ মাজেৰে গৈ খানাপাৰা-মেঘালয় হৈ বাংলাদেশলৈ চোৰাংকৈ ম'হ চালান কৰি আহিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷