বৰপেটা,২১ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ হাউলীৰ খাটালপাৰা গাঁৱত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । সেই সভাতে দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে । এই ঘটনাত কাৰ্যবাহী সদস্য গৌতম দাসৰ বাহনত আক্ৰমণ কৰাৰ লগতে দুগৰাকী বিজেপি নেতা-কর্মীকো আক্রমণ কৰে একাংশ লোকে ৷
এই ঘটনাৰ পাছতে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাক গৰিহণা দিয়ে খাটালপাৰাৰ গাঁওবুঢ়া দয়াল দাসে । লগতে বি টি চিৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ বাহনত আক্ৰমণ কৰা আৰু বিজেপিৰ নেতাক গাঁৱৰে একাংশই প্ৰহাৰ কৰা ঘটনাক লৈ সকলোৰে ওচৰত সংবাদমেলযোগে ক্ষমা বিচাৰে । সংবাদমেলত খাটালপাৰা গাঁৱৰ গাঁওবুঢ়া দয়াল দাসে নিশাৰ সেই সমগ্ৰ ঘটনা সন্দৰ্ভত লজ্জিত বুলি স্বীকাৰ কাৰে ।
নিশাৰ সেই অনাকাংক্ষিত ঘটনাক লৈ গাঁৱবাসীৰ হৈ ক্ষমা খোজে গাঁওবুঢ়া দয়াল দাসে । ইফালে কাৰ্যবাহী সদস্য গৌতম দাসে অভিযোগ কৰা অভিযুক্ত দিপুল দাস উপস্থিত থাকি নিশাৰ সেই সমগ্ৰ কাণ্ডত তেওঁ জড়িত নাই বুলি উল্লেখ কৰে সংবাদমেলত ।