অসম

assam

ETV Bharat / state

বিটিচিত হাগ্ৰামা মহিলাৰীয়ে পৰিষদ গঠন কৰিব ! - 20 নং মথনগুৰী পৰিষদীয় সমষ্টি

বিপিএফ দলে এইবেলিও পৰিষদ গঠন কৰিব আৰু বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়েই হ'ব ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে 20 নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী বেগম আখতাৰা আহমেদে ৷

বিটিচিত হাগ্ৰামা মহিলাৰীয়ে পৰিষদ গঠন কৰিব !
বিটিচিত হাগ্ৰামা মহিলাৰীয়ে পৰিষদ গঠন কৰিব !

By

Published : Mar 14, 2020, 9:32 PM IST

বৰপেটাৰোড 14 মাৰ্চ :বিপিএফ দলে এইবেলিও পৰিষদ গঠন কৰিব আৰু বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়েই হ'ব ৷ সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে 20 নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদে৷

বি পি এফ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি বিপিএফ নেত্ৰী বেগম আখতাৰা আহমেদে কয়, বিটিএডিত হাগ্ৰামা মহিলাৰীয়ে বহু উন্নয়ন মূলক কাম কৰিছে ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম মৰ্যদা, সম বিকাশেৰে হাগ্ৰামা মহিলাৰীয়ে আগবাঢ়ি আহিছে ৷ সেয়ে বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ প্ৰতি বিটিএডিবাসীৰ আস্থা আৰু বিশ্বাস আছে ৷ মথনগুৰী পৰিষদীয় সমষ্টিত বিপিএফৰ জয় এইবেলিও নিশ্চিতভাৱেই হ'ব ৷ সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীৰ লগত অইন দলৰ কোনো প্ৰতিদ্বন্দিতা নহয় ৷

বিটিচিত হাগ্ৰামা মহিলাৰীয়ে পৰিষদ গঠন কৰিব !

এগৰাকী নাৰী হিচাপে সকলো জাতি জনগোষ্ঠীৰ লোকৰ সমৰ্থনেৰে বিপুল ভোটত জয়ী হ'ব বুলিও দৃঢ়তাৰে কয় প্ৰাৰ্থী বেগম আখতাৰা আহমেদে ৷ কাম কৰিলে দোষ থাকেই সেয়ে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে যিমানেই প্ৰতিষ্ঠান বিৰোধী ঢৌ নাথাকক কিয় হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই এইবেলিও বিটিএডিৰ পৰিষদ গঠন হ'ব বুলিও মন্তব্য আগবঢ়ায় ৷ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে যিমানেই যি হুংকাৰ নিদিয়ক কিয় হাগ্ৰামা মহিলাৰী কামৰ মানুহ সেয়ে প্ৰমোদ বড়োৰ সেই হুংকাৰে কোনো ক্ষতি নকৰে, বিটিএডিৰ ৰাইজ হাগ্ৰামা মহিলাৰীৰ লগত আছে আৰু থাকিব বুলিও কয় মথনগুৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদে ৷

ABOUT THE AUTHOR

...view details