বৰপেটা,8 নৱেম্বৰঃ বৃহস্পতিবাৰে সামৰণি পৰে বিটিচিৰ সাংস্কৃতিক বিভাগৰ তামুলপুৰ সাংস্কৃতিক কৰ্মশালাৰ ৷ থিয় নাম কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ শৰ্মাই বিটিচি প্ৰশাসনে সত্ৰীয়া কলা কৃষ্টিৰ প্ৰসাৰৰ বাবে লোৱা উদ্যোগৰ বাবে বিটিচি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ৷
বি টি চি প্ৰশাসনক কিয় ধন্যবাদ জনালে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰে ? - btc administration arranged thiyo nam workshop
বি টি চিৰ সাংস্কৃতিক বিভাগে বাক্সাত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠীৰ লোকসকলৰ চহকী কলা, কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰ, প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে ৷ বিশেষকৈ মহাপুৰুষজনাৰ সৃষ্ট সত্ৰীয়া কলা কৃষ্টিৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ খাটালপাৰাত অনুষ্ঠিত কৰে থিয় নামৰ কৰ্মশালা ৷
চৰকাৰে উদ্যোগ ল'লেহে মহাপুৰুষজনাৰ সংস্কৃতি জীয়াই থাকিব বুলি মন্তব্য কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ সংস্কৃতিক মাধ্যম কৰি লৈ ধৰ্ম প্ৰচাৰ কৰা গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিখিনি জীয়াই ৰাখিব নোৱাৰিলে অসমীয়া হিচাপে আমাৰ চিনাকি নাথাকিব বুলিও মন্তব্য কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷ তাল-খোলৰ শব্দ, কলা সংস্কৃতি আৰু সত্ৰৰ সৰিয়হৰ বন্তি গছিয়েই অসমীয়াৰ পৰিচয় বুলি উল্লেখ কৰি সংস্কৃতি লোপ পালে জাতি জীয়াই নাথাকিব বুলি মন্তব্য কৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷ বিটিচি প্ৰশাসনে আয়োজন কৰা কৰ্মশালাখনিত শতাধিক লোকে প্ৰশিক্ষন গ্ৰহণ কৰে ৷ সামৰণি অনুষ্ঠানত তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া যুগান্ত বায়নো উপস্থিত থাকে ।