বৰপেটা, 15 এপ্ৰিলঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি প্ৰতিবছৰে পহিলা বহাগৰ দিনা পুৱা সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগ শেষ হোৱাৰ পাছত সত্ৰৰ দৈব্যজ্ঞই দেশ আৰু ৰাজ্যৰ উপৰি ব্যক্তিগত বাৰটা ৰাশিৰ অপায়,অমংগল ,সম্ভাৱনা,দুৰ্ভাৱনা ,আয়-ব্যয় আদি বিভিন্ন দিশক সামৰি সম্যক বৰ্ষফল গণনা কৰে ৷ ইয়াকে বৰপেটা সত্ৰৰ বিহু গণনা বুলি কোৱা হয় ৷ দৈব্যজ্ঞই প্ৰথমে কীৰ্তন ঘৰৰ গুৰু আসনৰ পিছফালে, তাৰ পাছত মঠৰ চোতালত আৰু শেষত আইসকলৰ নামখোলাত বৰ্ষচক্ৰ গণনা কৰে ৷
বৰপেটা সত্ৰৰ বৰ্ষফল গণনাঃ নৰেন্দ্ৰ মোডীৰ ১৫ বছৰৰ ৰাজ শাসনৰ যোগ - বৰপেটা সত্ৰৰ বৰ্ষফল গণনা
আজি পহিলা বহাগ ৷ পহিলা বহাগৰ দিনটোতে বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি সত্ৰৰ দৈৱজ্ঞই গণনা কৰে বৰ্ষফল ৷ আজি বৰপেটা সত্ৰৰ নাম-প্ৰসংগৰ শেষত সত্ৰৰ দৈৱজ্ঞই সমগ্ৰ বছৰটোৰ বাবে গণনা কৰে শুভাশুভ ফল
বৰ্ষাৰম্ভ চক্ৰৰ জন্ম ৰাশিত চন্দ্ৰ ষষ্ঠ স্থানত, বৃহস্পতি,শনি আৰু কেতু নৱম স্থানত,বুধ আৰু শুক্ৰ দশম স্থানত,ৰবি একাদশ স্থানত আৰু মংগল দ্বাদশ স্থানত অৱস্থান কৰাত ৰাজ্যখনৰ বাবে বছৰটো অনুকূল নহয় ৷ বৰ্ষচক্ৰ গণনা মতে অসম দেশৰ ৰাশি কৰ্কট ৷ এই কৰ্কট ৰাশিৰ ফল অনুসাৰে গোপন ষড়যন্ত্ৰৰ ফলত অসম মন্ত্ৰীসভাত কন্দল সৃষ্টি কৰিব পাৰে আৰু গোপন দলীয় সংঘাতে বিজেপি দলকো শ'লঠেকত পেলোৱাৰ সম্ভাৱনা আছে ৷ বৰপেটা সত্ৰৰ এই পৰম্পৰাগত বৰ্ষফল গণনাত ৰাষ্ট্ৰীয় ৰাজনীতি সম্পৰ্কেও গণনা কৰা হৈছে ৷ দৈৱজ্ঞৰ গণনাত কলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৫ বছৰৰ ৰাজ শাসনৰ যোগ আছে ৷ এইবাৰো কেন্দ্ৰত বিজেপি চৰকাৰৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম ৰাশিৰ গণনা অনুসাৰে ২০ এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰীৰ চন্দ্ৰ আৰু বৃহস্পতিৰ প্ৰভাৱত ৰাজনীতিত উন্নতিৰ যোগ সূচাইছে বুলি বৰ্ষফল গণনাত প্ৰকাশ পাইছে ৷