জনীয়া,9জুলাইঃ দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিনত হোৱাৰ অভিযোগ বৰপেটা-বঙাইগাঁও জিলাৰ সীমামূৰীয়া কোকিলা-গুনিয়ালগুৰী সংযোগী নিৰ্মীয়মান পকী দলংখন । দলং খন নিৰ্মাণৰ পূৰ্বেও একাধিক বাৰ দুৰ্নীতি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছিল । বৃহস্পতিবাৰে আকৌ মুষলধাৰ বৰষুণৰ মাজতেই দলং খনৰ খুটাৰ ঢালাই কাম চলি থকা বুলি খবৰ পাই ৰাইজ উপস্থিত হৈ কাম বন্ধ কৰি দিয়ে ।
দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - বৰপেটা-বঙাইগাঁও জিলা
গুনিয়ালগুৰী-কোকিলা পকী দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । মুষলধাৰ বৰষুণৰ মাজতে অব্যাহত ৰাখিছে পকী দলঙৰ খুটাৰ ঢালাই কাম । ৰাইজে বন্ধ কৰি দিলে নিৰ্মাণ কাৰ্য ।
ইপিনে বৰষুণৰ মাজত সামান্য চিমেন্ট দি কেৱল শিল আৰু বালিৰে ঢালাই কৰাত ৰাইজে খৰ্গহস্ত হৈ পৰে। এইক্ষেত্ৰত স্থানীয় ৰাইজে প্ৰশাসনক তদন্ত কৰাৰ লগতে ঠিকাদাৰ জনক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে । সঘনাই শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে এনে দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ'ব বুলি ৰাইজে প্ৰকাশ কৰে । উল্লেখ্য যে, বিগত 2017/18 বৰ্ষত নিমাণ আৰম্ভ হোৱা দলংখন আজিকোপতি সম্পূৰ্ণ নোহোৱাত ৰাইজে যাতায়তৰ নামত যমৰ যাতনা ভূগিবলগীয়া হৈছে ।
লগতে পঢ়কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ সৈতে EXCLUSIVE সাক্ষাৎকাৰ